নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গড় নিধনৰ অৰ্থে ১ লাখ টকাত চুক্তিবদ্ধ হৈছিল দুৰ্ধৰ্ষ চিকাৰী গগাম এক’

নিয়মীয়া বাৰ্তা, ৮ এপ্ৰিলঃ কমাৰগাঁও আৰক্ষীয়ে কালি বনকৰ্মী, ভিডিপি আৰু স্থানীয় ৰাইজৰ সহযোগত ব্ৰহ্মপুত্ৰৰ মাজৰ লহৰে চাপৰিৰ সমীপৱৰ্তী মাজুলী জিলাৰ দক্ষিণ মাজুলী থানাৰ অন্তৰ্গত বৰুৱা চুক গাঁৱত অৰুণাচলৰ দুৰ্ধৰ্ষ গঁড় চিকাৰী গগাম এক’ক বুজন পৰিমানৰ মাৰাণাস্ত্ৰসহ গ্ৰেপ্তাৰ কৰে ।

আৰক্ষীৰ মাৰাথান জেৰাত ১ লাখ টকাৰ বিনিময়ত গঁড় হত্যা কৰিবলৈ অসমলৈ আহিছিল বুলি বিস্ফোৰক স্বীকাৰোক্তি দিয়ে চিকাৰী গগামে । আৰক্ষীয়ে সদৰী কৰা মতে অসমৰ এটা গঁড় চিকাৰীৰ দলে গড় হত্যা কৰিবলৈ গগামক আনিছে ।

ইপিনে পূৰ্বতেও কেইবাটাও গঁড় হত্যাৰ লগত জড়িত থকাৰ কথা স্বীকাৰ কৰি অসমৰ গঁড় চিকাৰী দলটোৰ একাংশ সদস্যৰ নাম আৰু ঠিকনা উল্লেখ কৰে । গগামৰ স্বীকাৰোক্তিত অসমৰ গঁড় চিকাৰী দলটোক আৰক্ষী আৰু বন বিভাগে অনুসন্ধান চলাই আছে ।

উল্লেখ্য গগামৰ পৰা আৰক্ষীয়ে একনলীয়া এটা আৰু দুইনলীয়া এটা হস্তনিৰ্মিত বন্দুক, ১৫ টা সক্ৰিয় তীব্ৰবেগী কাৰ্টিজ, এটা মোবাইল, এটা মিট, লোৰে নিৰ্মিত চোকা অস্ত্ৰ, ভোটাৰ কাৰ্ড আদি জব্দ কৰিছে ।

You might also like