যোৰহাট জিলাৰ তিতাবৰত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু ঘটে APDCLৰ এগৰাকী কৰ্মচাৰীৰ।
জানিব পৰা মতে, তিতাবৰৰ ন-আলি তিনিআলিৰ দেৱকুমাৰ বৰা সোঁৱৰণী প্ৰেক্ষাগৃহৰ সমীপত ১১ হাজাৰ ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰৰ মেৰামতিৰ কাম কৰি থকা অৱস্থাত এই দুৰ্ঘটনাটো সংঘটিত হয়।
মৃত কৰ্মচাৰীজনক মহাবীৰ কুৰ্মী (৫৫) বুলি চিনাক্ত কৰা হৈছে। তেওঁ তিতাবৰৰ বাগৰদিয়া অঞ্চলৰ বাসিন্দা আছিল। ঘটনাটোৰ পাছতেই অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।
অভিযোগ অনুসাৰে, বিদ্যুৎ লাইন Shut Down নকৰাকৈ মেৰামতিৰ কাম চলাই থকাৰ সময়তে বিদ্যুৎস্পৃষ্ট হৈ কৰ্মচাৰীজনৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। একাংশ কৰ্মচাৰীৰ গাফিলতিৰ বাবে এই শোকাৱহ ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উঠিছে।
ঘটনাটোৰ প্ৰকৃত কাৰণ উদ্ঘাটনৰ বাবে সম্যক তদন্ত আৰম্ভ কৰাৰ দাবী স্থানীয় ৰাইজে উত্থাপন কৰিছে।
ডিজিটেল ডেস্ক, ২২ এপ্ৰিল