নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্ৰীভূমি জিলা কাৰাগাৰৰ পৰা কয়দীৰ পলায়ন, চাঞ্চল্য

শ্ৰীভূমি জিলা কাৰাগাৰৰ পৰা এজন যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কয়দীৰ পলায়নৰ ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে। পলায়ন কৰা কয়দীজনৰ নাম শ্বৰীফ উদ্দিন। তেওঁ এটা হত্যাৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ডপ্ৰাপ্ত আচামী আছিল।

শ্বৰীফ উদ্দিনৰ ঘৰ শ্ৰীভূমি জিলাৰ পাথাৰকান্দি অঞ্চলৰ ৰতনপুৰ গাঁৱত। সোমবাৰে কাৰাগাৰৰ বাহিৰত এটা পুখুৰী খননৰ কামত কয়দীসকলক নিয়োজিত কৰা হৈছিল। সেই সময়তে সুযোগ লৈ শ্বৰীফে পলায়ন কৰে বুলি জানিব পৰা গৈছে।

এই ঘটনাক লৈ কাৰাগাৰ কৰ্তৃপক্ষৰ ভূমিকা সন্দেহৰ আওতালৈ আহিছে। কঠোৰ নিৰাপত্তাৰ  মাজতো কেনেকৈ এজন যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কয়দীয়ে পলায়ন কৰিব পাৰিলে, তাক লৈ যথেষ্ট প্ৰশ্ন উত্থাপন হৈছে।

ইফালে এই ঘটনাৰ সৈতে সম্পৰ্কিত হৈ কাৰাগাৰ কৰ্তৃপক্ষই শ্ৰীভূমি সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে ইতিমধ্যে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে আৰু পলাতক কয়দীক ধৰিবলৈ অনুসন্ধান অভিযান চলাই আছে। ঘটনাটোৰ পিছতেই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।

ডিজিটেল ডেস্ক, ২২ এপ্ৰিল

You might also like