নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাজিৰাৰ ঔগুৰিজান চাহ বাগিচাৰ চাহগছ উছন কৰি নগাৰ অবাধ শিল খনন

বিশেষ বাৰ্তা, নাজিৰা, ২৩ এপ্ৰিল : নাজিৰা সমজিলাৰ অন্তগৰ্ত চন্টক বিহুবৰৰ ঔগুৰিজান চাহ বাগিচাৰ চাহগছ উচ্ছেদ কৰি শ্ৰমিকসকলৰ জীৱন আৰু জীৱিকাৰ পথ ৰুদ্ধ কৰাৰ লগতে নাগালেণ্ডৰ নগা লোক আৰু অসমৰ একাংশ শিল মাফিয়াই অবৈধভাৱে শিল খনন কৰা কাৰ্য বন্ধ কৰাৰ দাবীত আজি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নাজিৰা শাখাৰ উদ্যোগত অনিৰ্দিষ্টকালীন পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে।

অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল চন্টক বিহুবৰ ঔগুৰিজানত বছৰ বছৰ ধৰি কেইজনমান অসাধু ভূ-মাফিয়াই অবৈধভাৱে চাহ বাগিচা উচ্ছেদ কৰি শিল খনন কাৰ্য সম্পাদন কৰি আহিছে। অসম চাহ জনজাতি ছাত্ৰ সন্থাই (আটছা)ই কেইবাবাৰো জিলা আয়ুক্ত, বন বিভাগক অৱগত কৰাৰ পিছতো আজি পৰ্যন্ত বন্ধ কৰিব নোৱাৰিলে। কেইজনমান অসাধু ব্যৱসায়ীয়ে নগা দুৰ্বৃত্তৰ লগত মিতিৰালি কৰি অবাধে শিল খনন কৰি আহিছে। বন বিভাগৰ কাৰ্যালয়ত তথা বিহুবৰ আৰক্ষী থানাৰ প্ৰায় ২০০ মিটাৰ দূৰত্বত অসমৰ মাটিত কেনেদৰে নগা দুৰ্বৃত্তই আহি চাহগছ উচ্ছেদ কৰি শিল খনন কৰিবলৈ সাহস পালে, তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে আটছাই।

লগতে তেওঁলোকে দাবী কৰে যে শীঘ্ৰে অসম-নাগালেণ্ড সীমান্ত নিৰ্ধাৰণৰ ব্যৱস্থা কৰা, ঔগুৰিজানত অবৈধ শিল খনন বন্ধ কৰা, চাহ বাগিচা উচ্ছেদ আৰু অবৈধ শিল খনন চলোৱা দুষ্কৃতিকাৰীক চিনাক্ত কৰি কৰায়ত্ত কৰিবলৈ নাজিৰা সমজিলা আয়ুক্তক স্মাৰক-পত্ৰ প্ৰদান কৰে। অন্যথা অনাগত দিনত অসম-নাগালেণ্ড মূল সীমান্ত তুলী পথ বন্ধ কৰিবলৈ বাধ্য হ’ব বুলি কয় অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নাজিৰা শাখাৰ সম্পাদক ভূপেন ঘাটোৱাৰ আৰু সভাপতি সঞ্জয় গোৱালাই।

You might also like