নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্যামকানুৰ জামিন শুনানি সমাপ্ত, সিদ্ধাৰ্থৰ নতুন জামিন আবেদন

জুবিন গাৰ্গ মৃত্যুকাণ্ডৰ সৈতে জড়িত অন্যতম অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত বিশেষভাৱে গঠিত ফাষ্ট-ট্ৰেক আদালতত আজি (২৩ এপ্ৰিল) শুনানি সম্পন্ন হয়। দৈনিকভাৱে শুনানি চলাই অহা বিশেষ আদালতে আজিৰ শুনানিৰ অন্তত ৩০ এপ্ৰিললৈ ৰায় সংৰক্ষিত ৰাখে। উক্ত দিনটোত জামিন মঞ্জুৰ কৰা হ’ব নে নহ’ব সেই বিষয়ে ৰায় ঘোষণা কৰাৰ সম্ভাৱনা আছে। শ্যামকানু মহন্তৰ আইনজীৱী প্ৰাণ বৰা আৰু ৰাজদ্বীপ বেনাৰ্জীয়ে আদালতত তেওঁৰ হৈ যুক্তি আগবঢ়ায়।

ইফালে, জুবিন গাৰ্গৰ মেনেজাৰ হিচাপে কৰ্মৰত আৰু এই ঘটনাত গ্ৰেপ্তাৰ হোৱা সিদ্ধাৰ্থ শৰ্মাৰ হৈও নতুনকৈ জামিন আবেদন আজি দাখিল কৰা হয়। পূৰ্বদিনা দাখিল কৰা এফিডেভিটত কিছু অসংগতি ধৰা পৰাৰ বাবে সেইদিনা আবেদন দাখিল কৰিব পৰা হোৱা নাছিল।

এই গোচৰত বিশেষ ৰাজহুৱা অভিযোজক জিয়াউল কামাৰে দুয়োজন অভিযুক্তৰ জামিন আবেদনৰ বিৰুদ্ধে লিখিত আপত্তি দাখিল কৰিছে।

উল্লেখযোগ্য যে, যোৱা বছৰৰ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত সংঘটিত এই চাঞ্চল্যকৰ মৃত্যুকাণ্ডৰ তদন্তৰ বাবে অসম আৰক্ষীয়ে গঠন কৰা বিশেষ অনুসন্ধান দলে (SIT) শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক হত্যা অভিযোগত অভিযুক্ত কৰিছে।

এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত মুঠ সাতজন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁলোক হৈছে— শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, জুবিন গাৰ্গৰ আত্মীয় সন্দীপন গাৰ্গ, শেখৰজ্যোতি গোস্বামী, সহশিল্পী অমৃতপ্ৰভা মহন্ত, পিএছঅ’ পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰা। গ্ৰেপ্তাৰৰ পিছৰে পৰা সাতজনেই ন্যায়িক জিম্মাত আছে।

বৰ্তমানে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ আৰু পিএছঅ’ দুজনক বাক্সা কাৰাগাৰত ৰখা হৈছে। আনহাতে শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক হাফলং কাৰাগাৰত ৰখা হৈছে।

ডিজিটেল ডেস্ক, ২৩ এপ্ৰিল

You might also like