চামগুৰিত শোকাৱহ পথ দুৰ্ঘটনা, ৭ বছৰীয়া শিশুসহ এজন বৃদ্ধৰ মৃত্যু
নগাঁও জিলাৰ চামগুৰিৰ আমনি অঞ্চলত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত প্ৰায় ৭ বছৰীয়া এজন শিশু সহ এজন বৃদ্ধ লোক থিতাতে নিহত হয়। ঘটনাটোৱে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।
জানিব পৰা মতে, ৰাষ্ট্ৰীয় পথ ১২৭ পাৰ হ’বলৈ চেষ্টা কৰাৰ সময়তে গুৱাহাটীৰ পৰা ধেমাজি অভিমুখে গৈ থকা এখন যাত্ৰীবাহী ছুপাৰে তেওঁলোক দুজনক খুন্দা মাৰে। ফলত ঘটনাস্থলীতে দুয়োজনৰ মৃত্যু হয়।
দুৰ্ঘটনাটো সংঘটিত কৰা যাত্ৰীবাহী ছুপাৰখনৰ নম্বৰ AS 01 TC 0913 বুলি জানিব পৰা গৈছে। বৰ্তমানলৈকে নিহত দুজনৰ পৰিচয় উদ্ধাৰ হোৱা নাই।
ঘটনাৰ পিছতে মিছামাৰী আৰক্ষী আৰু চামগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাত জড়িত বাহনখন জব্দ কৰিছে। আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত অধিক তদন্ত অব্যাহত ৰাখিছে।
ডিজিটেল ডেস্ক, ২৩ এপ্ৰিল