নিয়মীয়া বাৰ্তা, কৈঠালকুছি, ২৩ এপ্ৰিল : শেহতীয়াকৈ ৰাজ্যৰ উঠি অহা নতুন প্ৰজন্মৰ বহু যুৱক-যুৱতী, কিশোৰ-কিশোৰীয়ে নিজৰ প্ৰতিভাৰে বিভিন্ন ক্ষেত্ৰত উজলি উঠা পৰিলক্ষিত হৈছে৷ তেওঁলোকে কঠোৰ পৰিশ্ৰমৰ জৰিয়তে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ বিভিন্ন প্ৰতিযোগিতাৰ যোগেদি আজিৰ প্ৰজন্মই নিজৰ প্ৰতিভাক জিলিকাই তুলিবলৈ যেন বদ্ধপৰিকৰ।তেনে এগৰাকী কিশোৰী অৰ্থাৎ নলবাৰী জিলাৰ টিহু বিধানসভা সমষ্টিৰ অন্তৰ্গত গোৱৰাদল গাঁৱৰ সন্তান তথা নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী ধানিসা বৰ্মনে ভাৰত চৰকাৰৰ সাংস্কৃতিক আৰু পৰিকল্পনা মন্ত্ৰালয়ৰ অধীনৰ চি চি আৰ টি পৰীক্ষাত উত্তীৰ্ণ হৈ ৰাষ্ট্ৰীয় জলপানি লাভ কৰিবলৈ সক্ষম হৈছে৷
নলবাৰী জিলাৰ গোৱৰাদল গাঁৱৰ দ্বিজেন চন্দ্ৰ বৰ্মন আৰু প্ৰণীতা ডেকা বৰ্মনৰ কন্যা তথা গোৱৰাদল মিলন হাইস্কুলৰ শিক্ষক যাদৱ চন্দ্ৰ বৰ্মনৰ ভতিজী ধানিসাৰ এই সাফল্যৰ খবৰে তেওঁ অধ্যয়ন কৰি থকা অসম জাতীয় বিদ্যালয়ৰ লগতে তেওঁৰ পৰিয়াল, সহপাঠী, আত্মীয়-স্বজন আৰু গাঁওবাসীৰ মাজত আনন্দৰ জোৱাৰ আনিছে৷
নৱম শ্ৰেণীত অধ্যয়ন কৰি থকা তথা নিয়মিত অধ্যয়নৰ লগতে সত্ৰীয়া নৃত্য, গান গোৱা, আধুনিক নৃত্য, অভিনয়, ছবি আঁকি, হাতেৰে অলংকাৰ নিৰ্মাণ কৰি, মেকআপ কৰি, যোগাসন কৰি, খোলবাদন কৰি ভালপোৱা তথা ৰাজ্যৰ বহুকেইখন মঞ্চত জুবিন গাৰ্গ, ভূপেন হাজৰিকা, বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতত নৃত্য আৰু সত্ৰীয়া নৃত্য পৰিৱেশন কৰি সুনাম অৰ্জন কৰি অহা ধানিসা বৰ্মনে ২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক আৰু পৰিকল্পনা মন্ত্ৰালয়ৰ (চি চি আৰ টি) তৰফৰ পৰা সত্ৰীয়া নৃত্যৰ বাবে উক্ত জলপানি লাভ কৰিবলৈ সক্ষম হয়।
পিতৃ দ্বিজেন চন্দ্ৰ বৰ্মনৰ ওচৰত সত্ৰীয়া নৃত্যৰ আদিপাঠ আৰম্ভ কৰা ধানিসা বৰ্মনে পিছলৈ পদ্মশ্ৰী বঁটাপ্ৰাপক ঘনকান্ত বৰবায়নৰ ওচৰত সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ লৈছিল৷ ধানিসাৰ এই সফলতাত উৎফুল্লিত হৈ গোৱৰাদলৰ বিভিন্ন ব্যক্তি, অনুষ্ঠান আদিয়ে তেওঁলৈ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে ৷