লকডাউনত সুৰা নোপোৱাৰ কাৰণে লুটি নিলে সুৰাৰ দোকান
নিয়মীয়া বাৰ্তা ৮ এপ্ৰিলঃ দেশত এতিয়া লকডাউন। যাৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে সুৰাপায়ী লোক সকল। লকডাউনৰ বাবে সুৰা বিক্ৰী বন্ধ হৈ আছে। যাৰ পৰিপেক্ষিতত সুৰাদোকান সমূহ লক্ষ্য হৈ পৰিছে সুৰাপায়ী সকলৰ। শিৱসাগৰৰ ষ্টেচন চাৰিআলিৰ ওচৰৰ সুৰাদোকানত চোৰে সুৰাৰ লগতে লুটি নিয়ে প্ৰায় ১০০০০ হাজাৰ টকা। সুৰাৰ দোকানৰ স্বতাধিকাৰ শৈল্যধৰ বৰুৱাই জানিবলৈ দিয়ে যে যেতিয়া মঙলবাৰে সন্ধিয়া মোৰ সুৰাৰ দোকানৰ ফালে যাওঁ তেতিয়া দেখিলো যে কোনোবা অচিনাক্ত দুৰ্বৃত্তই দোকানখন লণ্ড ভণ্ড কৰে আৰু সুৰাৰ বটল লৈ যায়।
লগতে নগদ ১০০০০ হাজাৰ টকাও নিয়ে। উল্লেখ্য যে বৰুৱাই এই সন্দৰ্ভত স্থানীয় আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়েও এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।