আজি ঘোষণা কৰা হ’ব বহুল আলোচিত অভি-নীল হত্যাকাণ্ডৰ দোষীসকলৰ শাস্তি। নগাঁও সত্র ন্যায়াধীশৰ আদালতে আজি এই গুৰুত্বপূৰ্ণ ৰায় প্ৰকাশ কৰিব।
ইয়াৰ পূৰ্বে, ২০ এপ্ৰিলত আদালতে এই ঘটনাৰ সৈতে জড়িত ২০জনক দোষী সাব্যস্ত কৰিছিল। আজি তেওঁলোকৰ বিৰুদ্ধে কি শাস্তি দিয়া হ’ব, তাৰ ওপৰতেই সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে।
উল্লেখ্য যে, ২০১৮ চনৰ ৮ জুনত ডকমকাৰ পাণজুৰি গাঁৱত সংঘটিত হৈছিল এই নৃশংস হত্যাকাণ্ডটো। এদল উত্তেজিত লোকে দুজন যুৱক—অভি আৰু নীলক নিৰ্দয়ভাৱে প্ৰহাৰ কৰি হত্যা কৰিছিল।
এই ঘটনাই সমগ্ৰ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছিল আৰু দীৰ্ঘদিন ধৰি ন্যায়ৰ অপেক্ষাত আছিল লোকসকল। আজি আদালতৰ ৰায়ৰ জৰিয়তে সেই অপেক্ষাৰ অন্ত পৰিব বুলি আশা কৰা হৈছে।
ডিজিটেল ডেস্ক, ২৪ এপ্ৰিল