নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুবিন গাৰ্গ হত্যা গোচৰত আজি সিদ্ধাৰ্থৰ জামিনৰ শুনানি

জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ হত্যা গোচৰত আজি চাৰ্জফ্ৰেমৰ ধাৰাবাহিক শুনানি অনুষ্ঠিত হ’ব। গোচৰটোক কেন্দ্ৰ কৰি পুনৰ এবাৰ আদালত পৰিৱেশ উত্তপ্ত হৈ উঠিছে।

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন সম্পৰ্কীয় শুনানি সম্পন্ন হৈছিল। এই আবেদনৰ ওপৰত আদালতে অহা ৩০ এপ্ৰিলত ৰায় ঘোষণা কৰিব বুলি জনোৱা হৈছে।

আনহাতে, আজি আন এজন অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন শুনানি গ্ৰহণ কৰিব ন্যায়ালয়ে।

এই গোচৰৰ শুনানিসমূহত আগন্তুক দিনসমূহত গুৰুত্বপূৰ্ণ অগ্ৰগতি হোৱাৰ সম্ভাৱনা আছে বুলি ধৰা হৈছে।

ডিজিটেল ডেস্ক, ২৪ এপ্ৰিল

You might also like