নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৰ্থ বেংক মহাবিদ্যালয়ত ‘সংস্কৃতিৰ এদিন’ শীৰ্ষক বিশেষ কাৰ্যসূচী

নিয়মীয়া বাৰ্তা, ঢকুৱাখনা, ২৪ এপ্ৰিল : উত্তৰ অসমৰ অন্যতম অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান ঘিলামৰাস্থিত নৰ্থ বেংক মহাবিদ্যালয়ত বৃহস্পতিবাৰে সৃষ্টি হয় এক উৎসৱমুখৰ পৰিৱেশৰ। ঢোল-পেঁপাৰ মাতত কঁকাল ঘূৰাই নাচিলে মহাবিদ্যালয়খনৰ ছাত্র-ছাত্রীৰ লগতে অধ্যাপক- অধ্যাপিকাই।

নৰ্থ বেংক মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ উদ্যোগত আৰু মহিলা কোষ তথা ছাত্ৰ একতা সভাৰ সহযোগত প্ৰতিবছৰৰ দৰে এইবাৰো উলহ-মালহেৰে অনুষ্ঠিত কৰে ‘সংস্কৃতিৰ এদিন’ শীৰ্ষক বিশেষ কাৰ্যসূচী। শিক্ষাৰ্থীসকলে ৰঙালী বিহুৰ মাদকতা আৰু উছাহ-উদ্দীপনাক উপলব্ধি তথা অসমীয়া জাতিৰ ঐতিহ্য-পৰম্পৰাক চিনাকি কৰাই দিয়াৰ উদ্দেশ্যে আয়োজন কৰা অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° গীতাঞ্জলি বৰুৱাই আদৰণী ভাষণ প্ৰদান কৰে

বিহু নাচ আৰু বিহুনামৰ অমিয়া সুৰে মুখৰিত হৈ পৰা আৰু মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক মোহিত কুমাৰ সোণোৱালে আঁত ধৰা অনুষ্ঠানটি উদ্বোধন কৰে মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি তথা বিশিষ্ট চিত্ৰশিল্পী ইন্দিবৰ বুঢ়াগোহাঁয়ে। উদ্বোধনী ভাষণত তেওঁ কয় যে বিহুক বাদ দি অসমৰ জাতীয় জীৱনৰ ঐতিহ্যৰ কথা ভাবিব নোৱাৰি ৷ অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীয়ে ব’হাগ বিহুক নিজা ধৰ্মীয় ধাৰণা আৰু ৰীতি-নীতি-পৰম্পৰাৰে পালন কৰি আহিছে ৷ সেইবাবে ব’হাগ বিহু প্ৰতিটো জাতি-জনগোষ্ঠীৰে প্ৰাণৰ উৎসৱ।

অনুষ্ঠানৰ লগত সংগতি ৰাখি মহাবিদ্যালয় পৰিয়ালে অঞ্চলটোৰ দুগৰাকীকৈ লোকশিল্পী লোহিত লাহন আৰু নৰেন দত্তক তেওঁলোকৰ কৰ্মৰাজিৰ প্ৰতি শ্ৰদ্ধা জনাই ফুলাম গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনায়। সকলোৱে জাতীয় সাজপাৰ পৰিধান কৰি অংশগ্ৰহণ কৰা অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ লগতে অধ্যাপক-অধ্যাপিকা আৰু কৰ্মচাৰীসকলেও একেলগে বিহু নাচি অনুষ্ঠানটো অধিক জীপাল কৰি তোলাৰ লগতে অসমীয়া সংস্কৃতিৰ উজ্জ্বল প্ৰতিচ্ছবি দাঙি ধৰে।

ইফালে, ঐতিহ্যবাহী খেতিৰ সঁজুলি, হাতেসজা ৰঙালী বিহুৰ সাজপাৰ, পিঠা-পনা, বিহুৱান আদিৰে সজাই তুলি এক অনন্য পৰিৱেশৰ সৃষ্টি কৰা মহাবিদ্যালয়ৰ চৌহদত শিক্ষাৰ্থীসকলে বিহুৰ প্ৰয়োজনীয় সামগ্ৰীসমূহেৰে এখন বিহুৰ হাটৰো ব্যৱস্থা কৰা হয়, যি এই অনুষ্ঠানৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে। ছাত্ৰ-ছাত্ৰীসকলক উদ্যমী কৰি তোলাৰ লক্ষ্যৰে আয়োজন কৰা হাটখনত শিক্ষাৰ্থীসকলে গ্ৰাম্য জীৱনৰ বিভিন্ন থলুৱা খাদ্য সম্ভাৰ, বস্ত্ৰ সম্ভাৰৰ মুকলি বিপণী খুলি ঘৰুৱাভাৱে উৎপাদিত সামগ্ৰীৰ প্ৰদৰ্শন আৰু বিপণন কৰে। তদুপৰি শিক্ষাৰ্থীসকলৰ দ্বাৰা স্ব-উৎপাদিত শাক-পাচলি , কাপোৰ, ভিন্ন স্বাদৰ পিঠা-পনা, তিলৰ লাড়ু, পিঠা, জলপান আদি সুস্বাদু আহাৰৰ মুকলি বিপণন কৰে।

অনুষ্ঠানটিয়ে মহাবিদ্যালয়খনত একতা, আনন্দ আৰু সাংস্কৃতিক চেতনাৰ বাৰ্তা প্ৰচাৰ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ মাজত নিজৰ পৰম্পৰা আৰু সংস্কৃতিৰ প্ৰতি অধিক আগ্ৰহ জগাই তুলিবলৈ সক্ষম হয়। অনুষ্ঠানত মহাবিদ্যালয়ৰ শৈক্ষিক সমন্বয়ক কল্পনা কলিতা, আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক ভৱেশ মৰাং, জেষ্ঠ অধ্যাপক ভৱেশ চহৰীয়াৰ লগতে সকলো শিক্ষক-কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে।

You might also like