নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাঙত আৰক্ষীৰ অভিযানত ড্ৰাগছসহ এজনক আটক

ডিজিটেল ডেস্ক, ২৪ এপ্ৰিল : চিৰাং জিলাত পুনৰ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত সফলতা লাভ কৰা হৈছে। জিলাখনৰ বৰতালোৱা জামতলা অঞ্চলত এক গোপন সূত্ৰৰ পম খেদি কাজলগাঁও থানাৰ আৰক্ষীয়ে অভিযান চলাই এজন লোকক আটক কৰে।

আৰক্ষীয়ে AS-19C-0820 নম্বৰৰ এখন অটোৰ পৰা ১২টা নিষিদ্ধ ড্ৰাগছভৰ্তি কণ্টেইনাৰৰ লগতে ১২টা খালী কণ্টেইনাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এই ঘটনাৰ সৈতে জড়িতৰ সন্দেহত এজন লোকক আটক কৰা হয়।

আটক কৰা লোকজন চিৰাং জিলাৰ ছাতিপুৰ তিনিআলিৰ মনোৱাৰ হুছেইন ওৰফে মনো বুলি চিনাক্ত কৰা হৈছে।

বৰ্তমান আৰক্ষীয়ে আটক কৰা লোকজনক কাজলগাঁও আৰক্ষী থানাত লৈ গৈ অধিক তদন্ত অব্যাহত ৰাখিছে। এই ঘটনাই অঞ্চলটোত পুনৰ এবাৰ ড্ৰাগছৰ সমস্যাক লৈ উদ্বেগ বৃদ্ধি কৰিছে।

You might also like