নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বহি:ৰাজ্যত কৰ্মসংস্থাপনৰ বাবে যোৱা জামুগুৰিহাটৰ যুৱকৰ মৃত্যু

ডিজিটেল ডেস্ক, ২৪ এপ্ৰিল : বহি:ৰাজ্যত মৃত্যু হৈছে জামুগুৰিহাটৰ এগৰাকী যুৱকৰ। কৰ্মসংস্থাপনৰ বাবে সুদূৰ কেৰালালৈ যোৱা জামুগুৰিহাটৰ পাচিগাঁৱৰ প্ৰণৱ বৰুৱা নামৰ যুৱকজনৰ কেৰালাৰ এটা ৰে’ল ষ্টেচনত ৰহস্যজনকভাৱে মৃত্যু হয়।

যোৱা ১৮ এপ্ৰিলত কেইগৰাকীমান যুৱকৰ লগত ৰে’লযোগে কেৰালালৈ যোৱা প্ৰণৱ বৰুৱা নামৰ যুৱকজনৰ দুদিন পূৰ্বে মৃত্যু হোৱা বুলি লগত যোৱা যুৱকসকলে পৰিয়ালৰ লোকক অৱগত কৰোৱাত পৰিয়ালৰ লোকসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়।

এগৰাকী ছোৱালী আৰু এটি পুত্ৰ সন্তানৰ পিতৃ প্ৰণৱ বৰুৱা নামৰ যুৱকজনৰ মৃত্যুত ৰহস্যৰ গোন্ধ পাইছে পৰিয়ালৰ লোকে। ইতিমধ্যে এই সন্দৰ্ভত পৰিয়ালৰ লোকে জামুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। এয়া এক হত্যাকাণ্ড বুলিও সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকসকলে।

You might also like