ডিজিটেল ডেস্ক, ২৫ এপ্ৰিল : তামুলপুৰ-নাগ্ৰীজুলি পথৰ নোৱাখাটত নিশা সংঘটিত হয় এক মৰ্মান্তিক দুৰ্ঘটনা। নলবাৰীৰ ‘ভাস্কৰজ্যোতি বিহু হুঁচৰি দল’-এ এখন ট্ৰেভেলাৰ বাহনেৰে তামুলপুৰৰ বাঙালীপাৰলৈ বিহু প্ৰদৰ্শনৰ বাবে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা এখন দ্ৰুতবেগী ট্ৰেইলাৰৰ সৈতে মুখামুখি সংঘৰ্ষ হয়।
নলবাৰীৰ ‘ভাস্কৰজ্যোতি বিহু হুঁচৰি দল’ৰ সদস্যসকলে বিহু অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈ থকা অৱস্থাত তেওঁলোকৰ বাহনখন এখন দ্ৰুতবেগী ট্ৰেইলাৰৰ সৈতে মুখামুখি সংঘৰ্ষত পতিত হয়। সংঘৰ্ষটো ইমানেই ভয়ংকৰ আছিল যে ঘটনাস্থলীতেই প্ৰাণ হেৰুৱায় নিজ ঝাৰগাঁৱৰ ২৫ বছৰীয়া নাচনী নিশামণি হালৈয়ে। নিহত নিশামণি হালৈ নাগাৰা নামৰ এগৰাকী পাঠকো আছিল।
দুৰ্ঘটনাটোত আন ১১ গৰাকী বিহুৱা-বিহুৱতী গুৰুতৰভাৱে আহত হয়। তাৰে ৫জনৰ অৱস্থা অতি সংকটজনক হোৱাত তেওঁলোকক ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। সংঘৰ্ষৰ সময়ত এ এছ-২৫ ডি চি-৫৮৯৩ নম্বৰৰ ট্ৰেভেলাৰখনে বিহু দলৰ ত্ৰিশজন সদস্য কঢ়িয়াই লৈ আনিছিল বুলি জানিব পৰা গৈছে।
এই মৰ্মান্তিক ঘটনাই বিহুৰ আনন্দময় পৰিৱেশক শোকাহত কৰি তুলিছে। বিহুৰ আনন্দ-উল্লাসৰ মাজতে সংঘটিত এই কৰুণ ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।