নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : যুদ্ধৰ পাৰিপার্শ্বিক বিপর্যয়

সাম্প্রতিক সময়ত বিশ্বৰ প্রাণীকুলৰ মাজত এক অন্যতম জ্বলন্ত সমস্যা হ’ল পাৰিপার্শ্বিক বিপর্যয়৷ পাৰিপার্শ্বিক বিপর্যয় এনে এক গুৰুতৰ সমস্যা, যিয়ে সমগ্র বিশ্বৰে ভৱিষ্যতৰ সন্মুখত এক অশনি সংকেত৷ লক্ষণীয় কথাটো হ’ল যে পাৰিপার্শ্বিকতাৰ বিপর্যয়ৰ মূল কাৰণ হ’ল মানুহেই৷ আমিয়েই নিজৰ হাতৰ কুঠাৰখন ভৰিত মাৰি এতিয়া হায়ৈ–বিয়ৈ কৰিবলৈ লৈছোঁ৷ তেনে এটি শেহতীয়া উদাহৰণ হ’ল সাম্প্রতিক পশ্চিম এছিয়াৰ সংকট৷ আমেৰিকা আৰু ইজৰাইলৰ যুটীয়া বাহিনীয়ে ইৰানৰ ওপৰত চলোৱা আক্রমণৰ পৰিপ্রেক্ষিতত অঞ্চলটোত যি অস্থিৰতাৰ সৃষ্টি হৈছে, তাৰ মূল্য ভৰিবলগীয়া হৈছে পাৰিপার্শ্বিকতাই৷ ইৰানে হৰমুজ প্রণালী বন্ধ কৰি দিয়াৰ ফলত ইন্ধনকে ধৰি অন্যান্য পণ্য পৰিবহণৰ ক্ষেত্রত যি সংকটৰ সৃষ্টি হৈছে, তাৰ ফলত সমগ্র বিশ্বৰ অর্থনীতিয়েই যাতনা ভুগিবলগীয়া হৈছে৷ এই সামৰিক সংঘাতৰ ৰাজনৈতিক সমাধান হ’লেই হয়তো সমগ্র বিশ্বৰে অর্থনৈতিক সংকটৰো অৱসান ঘটিব৷ কিন্তু একমাত্র নিজকে বৰমতা দেখুওৱাৰ এই যুঁজখনৰ ফলত পাৰিপার্শ্বিকতাৰ যি অৱনতি ঘটিছে, তাৰ প্রভাৱৰ পৰা উদ্ধাৰ পোৱাটো কিন্তু সিমান উজু নহ’ব৷ উভয় পক্ষই মূলতঃ তৈলখণ্ডক লক্ষ্য কৰি লোৱাৰ ফলত এই বিপর্যয়ৰ সৃষ্টি হৈছে৷ আমেৰিকাই ইৰানৰ ৰাজহাড় বেঁকা কৰি দিয়াৰ মানসেৰে ইৰানী অর্থনীতিৰ মূল ভেটিস্বৰূপ তৈলখণ্ডৰ ওপৰত আক্রমণ সংঘটিত কৰাটোকে লক্ষ্য কৰি লৈছে৷ এনে আক্রমণৰ ফলত তৈলখণ্ডৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ সমান্তৰালভাৱে তাৰ পৰা ওলোৱা ক’লা ধোঁৱাই আকাশ ছানি ধৰাত বায়ুমণ্ডল প্রদূষিত হৈছে৷ ক’লা ধোঁৱাৰ ঘনত্ব ইমানেই বৃদ্ধি পাইছে যে ইৰানত এতিয়া এচিড বৰষুণ হোৱাৰো বাতৰি পোৱা গৈছে৷ এই এচিড বৰষুণৰ টোপাল মানুহৰ শৰীৰত পৰিলে যে কেঞ্চাৰৰ দৰে মাৰাত্মক ৰোগ হ’ব পাৰে, সেই কথা কোৱাটো নিশ্চয় বাহুল্য মাথোন৷ ইয়াৰ প্রভাৱ কেৱল ইৰানতে সীমাবদ্ধ হৈ থকা নাই, সমগ্র পশ্চিম এছিয়ালৈ ই বিয়পি পৰিছে৷ কাৰণ আমেৰিকা–ইজৰাইলৰ আক্রমণৰ প্রত্যুত্তৰত ইৰানে মধ্যপ্রাচ্যৰ বিভিন্ন দেশত থকা মার্কিন সামৰিক ঘাটিসমূহক লক্ষ্য কৰি লোৱা দেখা গৈছে৷ মার্কিন সামৰিক ঘাটিক লক্ষ্য কৰি লৈ আক্রমণ চলোৱাৰ সময়ত দেশসমূহৰ কেইবাঠাইতো তেল শোধনাগাৰৰ ক্ষতিসাধন হোৱা দেখিবলৈ পোৱা গৈছে৷ মধ্যপ্রাচ্যৰ দেশসমূহ মূলতঃ তৈল অর্থনীতিৰ ওপৰত নির্ভৰশীল হোৱাৰ পৰিপ্রেক্ষিতত এই আক্রমণে তৈলখণ্ডক বেয়াকৈ প্রভাৱিত কৰিছে৷ তেল শোধনাগাৰসমূহৰ ওপৰত আক্রমণ হোৱাত তাৰ পৰা ওলোৱা ক’লা ধোঁৱাই পৰিৱেশ প্রদূষিত কৰাৰ উপৰি তাৰ পৰা নির্গত তেলে কাষৰীয়া অঞ্চলসমূহ প্রদূষিত কৰিছে৷ তদুপৰি হৰমুজ প্রণালী বন্ধ হৈ যোৱাত বিভিন্ন দেশে প্রণালীটোৰে পৰিবহণ কৰা তেলৰ জাহাজসমূহৰ যাতায়াত ৰুদ্ধ হৈ পৰাত যুদ্ধৰ প্রভাৱ সেই জাহাজসমূহৰ ওপৰতো পৰিছে৷ ইতিমধ্যে কেইবাখনো জাহাজৰ ওপৰত উভয় পক্ষৰ আক্রমণ চলা দেখিবলৈ পোৱা গৈছে৷ এই আক্রমণত তেলভর্তি জাহাজসমূহ বিধ্বস্ত হৈ পৰাত তাৰ তেলবোৰ সাগৰৰ পানীত বিয়পি পৰিছে৷ ইয়াৰ ফলত প্রদূষিত হৈছে সাগৰীয় জলজীৱন৷ সাগৰৰ বিভিন্ন প্রাণীয়ে এই প্রদূষিত পানীৰ কবলত পৰাত সিহঁতৰ জীৱন ধাৰণ বিপর্যস্ত হৈছে৷

ইতিপূর্বে ১৯৯০ দশকত সংঘটিত উপসাগৰীয় যুদ্ধৰ সময়তো এনেদৰে সাগৰত তেল বিয়পি পৰাৰ খবৰ ওলাইছিল আৰু তাৰ ফলত অসংখ্য সাগৰীয় প্রাণীৰ মৃত্যু হোৱাৰ খবৰো সুলভ হৈ পৰিছিল৷ তালৈ লক্ষ্য কৰি এই কথা ক’ব পাৰি যে এইবাৰৰ পশ্চিম এছিয়াৰ এই সংঘাত যদিহে আৰু দীঘলীয়া হ’বলগীয়া হয়, তেনেহ’লে সাগৰীয় জীৱকুলৰ বাবে আৰু অধিক বিপর্যয়ৰ সৃষ্টি হোৱাটো ধুৰূপ৷ উল্লেখযোগ্য যে পাৰিপার্শ্বিক বিপর্যয়ৰ ক্ষেত্রত বায়ুমণ্ডল বা ভূপৃষ্ঠৰ উপৰি ভাগৰ বিভিন্ন অৱনতি ৰোধ কৰাৰ বাবে কিছুমান পদক্ষেপ লোৱাৰ সুযোগ আছে যদিও সাগৰীয় পানীৰ এনে প্রদূষণ ৰোধ কৰা বা সাগৰৰ পানীক প্রদূষণমুক্ত কৰাৰ প্রক্রিয়াটো অধিক জটিল আৰু দীঘলীয়া বুলি বিজ্ঞানীসকলে ইতিমধ্যে মত প্রকাশ কৰিছে৷ সাগৰীয় প্রাণীসমূহৰ বাবে ইতিমধ্যে বিভিন্ন ব্যৱস্থা গোলকীয় পর্যায়ত কৰা হৈছে যদিও এনে ধৰণৰ সংঘাতৰ ফলত হোৱা বিপর্যয়ে এই প্রক্রিয়াক ব্যাহত কৰি তোলাৰ সম্ভাৱনা থাকে৷ সমগ্র বিশ্বতে হোৱা জল প্রদূষণৰ প্রভাৱ অৱশেষত সাগৰীয় জলভাগত পৰাটো তেনেই সাধাৰণ কথা৷ আমাৰ দৈনন্দিন কার্যকলাপৰ ফলত জলভাগৰ যি অনিষ্ট সাধন হৈছে, তাৰ প্রভাৱ অৱশেষত সাগৰতেই পৰেগৈ৷ ইয়াৰ ফলত ইতিমধ্যে সাগৰীয় পাৰিপার্শ্বিকতাৰ অনেক অৱনতি ঘটাৰ খবৰ পোৱা গৈছে৷ শেহতীয়াকৈ পশ্চিম এছিয়াৰ সংঘাতে ভূতৰ ওপৰত দানহ পৰাৰ দৰে সাগৰীয় জলভাগত যি প্রদূষণৰ মাত্রা বৃদ্ধি কৰিলে, সেয়া নিশ্চয়কৈ অতিশয় উদ্বেগজনক৷ পাৰিপার্শ্বিকতাৰ ওপৰত মানুহৰ অত্যাচাৰৰ ফলত যি অৱনতিৰ সৃষ্টি হৈছে, তাৰ পৰিণতিও ভোগ কৰিবলগীয়া হৈছে মানুহৰ লগতে আন প্রাণীকুলে৷ নিজকে জীৱশ্রেষ্ঠ বুলি জহাই ফুৰা মানুহৰ স্বার্থপৰ কার্যকলাপে পাৰিপার্শ্বিকতাক বিঘ্ণিত কৰাৰ যি প্রৱণতা বিশেষকৈ যোৱাটো শতিকাৰ পৰা অধিক প্রকট হৈ পৰা দেখা গৈছে, সেই প্রৱণতাই আগন্তুক সময়ত আৰু অধিক জটিলতাৰ যে সৃষ্টি নকৰিব তাৰ কোনো নিশ্চয়তা নাই৷ মানুহে নিজৰ লগতে এই বিশ্বৰ সামগ্রিকতাৰ স্বার্থক অগ্রাধিকাৰ নিদিলে এদিন এই বিশ্বৰ পৰা মানৱ সভ্যতাৰ বিনাশ অনিবার্য৷ সেইবাবে মানুহৰ নিজৰ স্বার্থ সিদ্ধি কৰিবলৈ গৈ এই বিশ্বৰ বিপর্যয় মাতি অনাৰ যি প্রৱণতা, তাক শীঘ্রে ৰোধ কৰিব নোৱাৰিলে মানৱ জাতিৰ লগতে জলচৰ–স্থলচৰ সকলো প্রাণীৰে বিনাশ অৱশ্যম্ভাৱী৷

You might also like