নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোহলিৰ দৰ্শনীয় প্ৰদৰ্শনেৰে গুজৰাটক ৫ উইকেটত পৰাস্ত বেংগালুৰুৰ

ডিজিটেল ডেস্ক, ২৫ এপ্রিল : বিৰাট কোহলি–দেৱদূত পাড়িকালৰ অর্ধশতকত ম্লান হৈ পৰিল সাই সুদর্শনৰ শতক৷ চলিত আইপিএলৰ শুকুৰবাৰে বেংগালুৰুত অনুষ্ঠিত গুৰুত্বপূর্ণ মেচখনত ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৱে গুজৰাট টাইটানছক ৫ উইকেটত পৰাস্ত কৰে৷

মেচখনত বিজয় সাব্যস্ত কৰি আৰচিবিয়ে পইণ্ট তালিকাৰ দ্বিতীয় স্থানলৈ উন্নীত হয়৷ আৰচিবিয়ে এতিয়ালৈকে ৭খন মেচ খেলি ৫খনত জয় আৰু দুখনত পৰাস্ত হৈছে৷ মেচখনত গুজৰাটে জয়ৰ বাবে বান্ধি দিয়া ২০৬ ৰানৰ লক্ষ্য অনুসৰণ কৰি কোহলিৰ ৪৪ বলত ৮১ আৰু পাড়িকালৰ ২৭ বলত ৫৫ ৰানৰ সহায়ত আৰচিবিয়ে ১৮.৫ অভাৰত ৫টা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়৷ ক্রুনালে ১২টা বলত অপৰাজিতভাৱে ২৩ ৰান কৰি দলৰ জয়ত গুৰুত্বপূর্ণ ভূমিকা লয়৷

ইয়াৰ পূর্বে প্রথমে বেটিং কৰি অ’পেনাৰ সাই সুদর্শনৰ দর্শনীয় শতকৰ সহায়ত গুজৰাট টাইটানছে নির্ধাৰিত ২০ অভাৰত তিনিটা উইকেট হেৰুৱাই ২০৫ ৰান সংগ্রহ কৰে৷ সুদর্শনে ৫৮টা বলত ১১টা চাৰি আৰু ৫টা ছয়েৰে ১০০ ৰান কৰে৷ অধিনায়ক গিলে ৩২, বাটলাৰে ২৫ ৰান কৰি বিদায় লয়৷ উল্লেখ্য যে গুজৰাটে ৭খন মেচ খেলি ৩খনত জয় আৰু ৪খনত পৰাস্ত হৈছে৷

You might also like