ট্ৰাম্পৰ ডিনাৰ পাৰ্টীত অঘটন; মাৰ্কিন ৰাষ্ট্ৰপতিলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলীচালনা !
ডিজিটেল ডেস্ক, ২৬ এপ্ৰিল : আমেৰিকাৰ ৱাশ্বিংটনত বাৰ্ষিক হোৱাইট হাউছ কৰেছপণ্ডেণ্টছ ডিনাৰৰ সময়ত গুলীচালনা সংঘটিত হয়। শনিবাৰে সন্ধিয়া ৱাশ্বিংটনৰ হিল্টন হোটেলত অনুষ্ঠিত এই অনুষ্ঠানত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প, পত্নী মেলানিয়া ট্ৰাম্প আৰু উপ-ৰাষ্ট্ৰপতি জে ডি ভান্সসহ বহুতো জ্যেষ্ঠ বিষয়া উপস্থিত আছিল।
মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সন্মুখতেই দুৰ্বৃত্তই ধাৰাসাৰ গুলীচালনা কৰে। অৱশ্যে ট্ৰাম্প সম্পূৰ্ণ সুৰক্ষিত হৈ আছে আৰু তেওঁ কোনো আঘাত পোৱা নাই। ঘটনাৰ পিছতে ড’নাল্ড ট্ৰাম্প, পত্নী মেলানিয়া ট্ৰাম্পক আমেৰিকাৰ ছিক্ৰেট ছাৰ্ভিচৰ বিষয়াসকলে তৎক্ষণাত ঘটনাস্থলীৰ পৰা আঁতৰাই লৈ যায়। শনিবাৰে নিশা অনুষ্ঠিত এই নৈশভোজত বহু উচ্চপদস্থ আমেৰিকান বিষয়াও উপস্থিত আছিল। তেওঁলোককো ঘটনাস্থলীৰ পৰা সুৰক্ষিতভাৱে আঁতৰাই নিয়া হয়।
প্ৰত্যক্ষদৰ্শীয়ে জনায় যে পাঁচৰ পৰা আঠটা গুলীৰ শব্দ শুনা গৈছিল। নৈশভোজৰ পিছত ট্ৰাম্পে ভাষণ দিয়াৰ কথা আছিল আৰু সকলোৱে তাৰ অপেক্ষাত আছিল। কিন্তু তাৰ আগতেই এই গুলীচালনাৰ ঘটনা সংঘটিত হয়। কটকটীয়া নিৰাপত্তাৰ মাজতো কেনেকৈ এইদৰে গুলীচালনাৰ ঘটনা সংঘটিত হ’ল, তাক লৈ প্ৰশ্ন উঠিছে।
আক্ৰমণৰ প্ৰায় ডেৰ ঘণ্টাৰ পাছত ট্ৰাম্পে সংবাদ মাধ্যমক সম্বোধন কৰে। তেওঁ কয়—আমেৰিকাৰ সংবিধানৰ ওপৰত আক্ৰমণ কৰা হৈছে। আমেৰিকাৰ ছিক্ৰেট ছাৰ্ভিচ-এ মোৰ প্ৰাণ বচাইছে। সুৰক্ষা কৰ্মীসকলে সাহসিকতাৰে কাম কৰিছে।