নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এসাঁজ খাদ্যৰ বাবে যুঁজিছে বিশ্বৰ ৪৭ দেশৰ ২৬.৬ কোটি লোকে

ডিজিটেল ডেস্ক, ২৬ এপ্রিল : খাদ্য সংকটে সমগ্র বিশ্বত গুৰুতৰ ৰূপ ধাৰণ কৰিছে৷ ৰাষ্ট্রসংঘত দাখিল কৰা এখন প্রতিবেদনত চলিত বর্ষৰ শেষৰফালে এই সংকট ভয়াৱহ হ’ব পাৰে বুলি সকীয়াই দিয়া হৈছে৷ একাধিক আন্তঃৰাষ্ট্রীয় বিশেষজ্ঞ সংস্থাই প্রস্তুত কৰা ‘গ্ল’বেল ৰিপ’ৰ্ট অন ফুড ক্রাইচিছ’ শীর্ষক বার্ষিক প্রতিবেদনত কোৱা হৈছে যে বর্তমান বিশ্বৰ ৪৭খন দেশৰ অতিকমেও ২৬.৬ কোটি লোকে ক্ষুধাৰ সমস্যাৰ সৈতে যুঁজি আছে৷

যোৱা বছৰ প্রতিবেদনত ছুডান আৰু গাজাক দুর্ভিক্ষত আক্রান্ত দেশ বুলি চিনাক্ত কৰা হৈছে৷ এইবাৰ ২০২৫ চনৰ পৰিসংখ্যাৰ উদ্ধৃতি দি প্রতিবেদনত উল্লেখ কৰা হৈছে যে বিশ্বৰ ১০খন দেশ ভয়াৱহ খাদ্য সংকটৰ সন্মুখীন হৈছে৷ এই দেশসমূহত বিশ্বৰ দুই–তৃতীয়াংশ লোকে বাস কৰে৷ ভাৰতৰ চাৰিখন চুবুৰীয়া দেশ ক্রমে পাকিস্তান, আফগানিস্তান, বাংলাদেশ আৰু ম্যানমাৰো আছে এই তালিকাত৷ তদুপৰি খাদ্যৰ ভয়াৱহ অসুৰক্ষিত অৱস্থাৰ বাবে ক্ষতিগ্রস্ত হোৱা দেশসমূহৰ ভিতৰত আছে– ডিআৰ কংগো, নাইজেৰিয়া, দক্ষিণ ছুডান, ছুডান, ছিৰিয়া আৰু য়েমেন৷

উল্লেখ্য যে এই দেশসমূহৰ ৬খনেই গৃহযুদ্ধ আৰু সন্ত্রাসবাদৰ দ্বাৰা প্রভাৱিত৷ ৰাষ্ট্রসংঘত দাখিল কৰা খাদ্য সংকটৰ বার্ষিক প্রতিবেদনত ক্ষুধাৰ বিৰুদ্ধে যুঁজিবলৈ আন্তঃৰাষ্ট্রীয় সাহায্য দ্রুতগতিত হ্রাস পোৱাক লৈও উদ্বেগ প্রকাশ কৰা হৈছে৷

ইফালে, মধ্যপ্রাচ্যৰ যুদ্ধৰ পৰিস্থিতিৰ বাবে খাদ্য সংকট অধিক ভয়াৱহ হ’ব পাৰে বুলি আশংকা কৰা হৈছে৷ কিয়নো যুদ্ধবিধ্বস্ত অঞ্চলসমূহৰ পৰা হাজাৰ হাজাৰ লোক স্থানচ্যুত হৈছে৷ ইফালে, কৃষিকার্যত খৰচৰ মাত্রাও দ্রুতগতিত বৃদ্ধি পাইছে৷

প্রসংগক্রমে উল্লেখযোগ্য যে চলিত মাহৰ আৰম্ভণিতে আন্তঃৰাষ্ট্রীয় মুদ্রানিধি বিশ্ব বেংক আৰু বিশ্ব খাদ্য কার্যসূচীয়ে খাদ্যৰ উচ্চ মূল্য আৰু খাদ্য সংকটৰ বিষয়ে সমগ্র বিশ্বক সকীয়াই দিছিল৷

You might also like