নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বংগক অনুপ্রৱেশৰ কৰিড’ৰ কৰিছে বাংলাদেশীয়ে, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ বিস্ফোৰণ

ডিজিটেল ডেস্ক, ২৬ এপ্রিল : বাংলাদেশী অনুপ্রৱেশকাৰীক যদি ৰোধ কৰিব পৰা নাযায়, তেন্তে অনাগত ২০ বছৰত অসম আৰু পশ্চিমবংগ নিশ্চিহ্ণ হ’ব৷ চুবুৰীয়া বাংলাদেশৰ পৰা চলি থকা অবাধ অনুপ্রৱেশক লৈ এই শংকা প্রকাশ কৰিলে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

পশ্চিমবংগত নির্বাচনী প্রচাৰত ব্যস্ত থকা মুখ্যমন্ত্রীগৰাকীয়ে শনিবাৰে এখন সংবাদ মেল সম্বোধন কৰি এই শংকা ব্যক্ত কৰাৰ লগতে এইক্ষেত্রত পশ্চিমবংগ সীমান্তৰে হৈ থকা অনুপ্রৱেশক লৈও উদ্বেগ প্রকাশ কৰে৷ বিশেষকৈ পশ্চিমবংগৰ মুখ্যমন্ত্রী তথা তৃণমূল কংগ্রেছ (টিএমচি)ৰ মুৰব্বী মমতা বেনার্জীৰ বাংলাদেশীপ্রীতিৰ ফলতে এতিয়া সমগ্র বংগ অনুপ্রৱেশকাৰীৰে ভৰি পৰা বুলি অভিযোগ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয়– বাংলাদেশ সীমান্তক স্পর্শ কৰি থকা একমাত্র পশ্চিমবংগই সীমান্তত ফেঞ্চিং নির্মাণৰ বাবে কেন্দ্রীয় চৰকাৰক সহযোগ কৰা নাই৷ পশ্চিমবংগৰ টিএমচি চৰকাৰে সীমান্তত ফেঞ্চিং নির্মাণৰ বাবে বিএছএফক ভূমি আবণ্টন নকৰি তেওঁলোকৰ বাংলাদেশীপ্রীতি স্পষ্ট কৰি দিছে৷

তেওঁ কয়– কলকাতা উচ্চ ন্যায়ালয়ে এই বিষয়টোক লৈ টিএমচি চৰকাৰক ভূমি আবণ্টনৰ বাবে নির্দেশ দিয়াৰ লগতে ২৭ জানুৱাৰীত কলকাতা উচ্চ ন্যায়ালয়ে বিএছএফক ভূমি আবণ্টনৰ বাবে এক নির্দেশ জাৰি কৰাৰ পাছতো বিষয়টোত গুৰুত্ব নিদিয়াত ন্যায়ালয়ে পুনৰ চৰকাৰৰ ওপৰত জৰিমনাও বিহিছিল৷ এই চৰকাৰখনৰ কার্যকালত ন্যায়পালিকাৰ পৰা প্রশাসনিক স্তৰলৈ যি হাৰত উলংঘন চলিছে, সেয়া অতি দুর্ভাগ্যজনক৷ ভাৰত চৰকাৰে বাংলাদেশত অস্থিৰ হোৱা পৰিৱেশৰ প্রতি লক্ষ্য ৰাখি সীমান্ত ছীল কৰাৰ যি পদক্ষেপ গ্রহণ কৰিছে, এই পদক্ষেপকো টিএমচি চৰকাৰে নস্যাৎ কৰি আহিছে৷ দৰাচলতে টিএমচি চৰকাৰখনে এক দেশদ্রোহী কাম কৰি আছে৷ আমি কেতিয়াও দেশখনক বাংলাদেশী অনুপ্রৱেশকাৰীৰ হাতত গতাই দিব নোৱাৰোঁ৷ বাংলাদেশী মুছলমান যিধৰণে পশ্চিমবংগৰে অনুপ্রৱেশ কৰি আছে, এই সমস্যাটো বংগৰ সমস্যা নহয়৷ বংগক অনুপ্রৱেশৰ কৰিড’ৰ কৰিছে বাংলাদেশীয়ে৷ এই কৰিড’ৰৰ জৰিয়তে বাংলাদেশীয়ে অসমকে ধৰি অন্য ৰাজ্যত প্রৱেশ কৰে৷ অসমৰ পৰা বাংলাদেশীক বিতাড়ন কৰাৰ পাছতো এই লোকসকল আহি পুনৰ পশ্চিমবংগত থিতাপি লয়৷ পৰিস্থিতি এনে পর্যায়ত থাকিলে অহা ২০ বছৰত অসম আৰু পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিব৷

মুখ্যমন্ত্রী ড০ শর্মাই স্পষ্ট কৰি দিয়ে– পশ্চিমবংগত বিজেপি চৰকাৰ গঠন হ’লে সীমান্তত ফেঞ্চিং দিয়াৰ বাবে বিএছএফক ভূমি আবণ্টন দিয়াৰ লগতে বাংলাদেশীৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্রহণ কৰিব৷ বাংলাদেশী অনুপ্রৱেশকাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ যাৰ ক্ষমতা আছে, তেনে এখন চৰকাৰকহে এইবাৰ বংগত প্রতিষ্ঠিত কৰাৰ প্রয়োজন আছে৷

মমতা বেনার্জীক উদ্দেশ্যি মুখ্যমন্ত্রীৰ মন্তব্য– ৰাজনৈতিক দৃষ্টিৰে কেন্দ্রীয় চৰকাৰৰ লগত মমতা বেনার্জীয়ে প্রতিটো ইছ্যুত যুদ্ধ কৰক, কিন্তু দেশৰ সুৰক্ষাৰ ক্ষেত্রত ভাৰত চৰকাৰক সহযোগ কৰিব লাগে৷ মমতা বেনার্জীয়ে সীমান্ত খোলা ৰখাৰ ক্ষেত্রত একপ্রকাৰ পাপ কৰিছে৷ পশ্চিমবংগই ৪৫৬ কিলোমিটাৰ আন্তঃৰাষ্ট্রীয় সীমান্তক চুই আছে৷ কিন্তু পশ্চিমবংগৰ টিএমচি চৰকাৰে ৭৭ কিলোমিটাৰ সীমান্ততহে বেৰ নির্মাণৰ বাবে বিএছএফক ভূমিৰ আবণ্টন দিছে৷ গতিকে ইয়াৰ পৰা স্পষ্ট হয় পশ্চিমবংগৰ আন্তঃৰাষ্ট্রীয় সীমান্ত কিদৰে উন্মুক্ত হৈ আছে৷

You might also like