নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গণতন্ত্ৰত হিংসাৰ… ট্ৰাম্পৰ নৈশভোজত গুলীচালনাক লৈ প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতিক্ৰিয়া

ডিজিটেল ডেস্ক, ২৬ এপ্ৰিল : আমেৰিকাৰ ৱাশ্বিংটন ডি চিত বাৰ্ষিক হোৱাইট হাউছ কৰেছপণ্ডেণ্টছ ডিনাৰৰ সময়ত গুলীচালনাৰ ঘটনাৰ তীব্ৰ নিন্দা কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। শনিবাৰে সন্ধিয়া ৱাশ্বিংটনৰ হিল্টন হোটেলত অনুষ্ঠিত এই অনুষ্ঠানত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প, পত্নী মেলানিয়া ট্ৰাম্প আৰু উপ-ৰাষ্ট্ৰপতি জে ডি ভান্সসহ বহুতো জ্যেষ্ঠ বিষয়া উপস্থিত থকা সময়তে দুৰ্বৃত্তই গুলীচালনা কৰা ঘটনাক নিন্দা কৰি ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে কয়- গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই।

শনিবাৰে নিশা ৱাশ্বিংটন ডি চিৰ হিল্টন হোটেলত অনুষ্ঠিত নৈশভোজত হঠাতে এজন বন্দুকধাৰীয়ে আক্ৰমণ চলায়। ৰাষ্ট্ৰপতি ট্ৰাম্পক লক্ষ্য কৰি যুৱকজনে একাধিক গুলী চলায় যদিও সৌভাগ্যবশত: তেওঁ কোনো আঘাত পোৱা নাই। তৎক্ষণাত তেওঁক তাৰ পৰা সুৰক্ষিত ঠাইলৈ স্থানান্তৰ কৰা হয়। ড’নাল্ড ট্ৰাম্পৰ সৈতে সংঘটিত এই ঘটনাক লৈ ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

এই ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত লিখিছে- ‘এইটো জানি সকাহ পাইছোঁ যে শেহতীয়াকৈ ৱাশ্বিংটন ডিচিৰ এখন হোটেলত সংঘটিত নিৰাপত্তাজনিত কাণ্ডৰ পিছত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প, ফাৰ্ষ্ট লেডী আৰু উপ-ৰাষ্ট্ৰপতি নিৰাপদ আৰু সুস্থ অৱস্থাত আছে। তেওঁলোকৰ অবিৰত সুৰক্ষা আৰু মংগলৰ বাবে মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই আৰু ইয়াক সকলোৱে নিন্দা কৰা উচিত।

You might also like