ডিজিটেল ডেস্ক, দৰং, ২৬ এপ্ৰিল : দৰঙত এখন বিশেষ গামোচা ২ লাখ ৪৫ হাজাৰ ১ টকাত বিক্ৰী হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হয়। মূলতঃ জনবিশ্বাস আৰু নিলামৰ প্ৰতিযোগিতামূলক পৰিৱেশৰ বাবেই এই বিশাল মূল্যত ক্ৰয় কৰাৰ উথপথপ লাগে।
লক্ষণীয় যে ৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে নিজ ডাঁহী অৰ্জুনতলৰ শ্ৰীশ্ৰী বিষ্ণু মন্দিৰত বাৰ্ষিক হোমযজ্ঞৰ লগতে ৰাইজৰ সবাহ শনিবাৰৰ পৰা আৰম্ভ হৈছে। প্ৰায় ১৮৬৬ চনৰে পৰা পশ্চিম মঙলদৈৰ ডাঁহী অৰ্জুনতলৰ শ্ৰীশ্ৰী বিষ্ণু মন্দিৰত অনুষ্ঠিত হৈ অহা হোমযজ্ঞ তথা বাৰ্ষিক সবাহ মন্দিৰ চৌহদত সমূহীয়া চাফাইযোগে আৰম্ভ হয়। পাছলৈ বন্তি প্ৰজ্বলন, মন্দিৰৰ মূল ধ্বজা উত্তোলন, গছপুলি ৰোপণ কাৰ্যসূচী সম্পন্ন হয়। আবেলি ৫.৩০ বজাৰ পৰা বিষ্ণুহোমৰ অধিবাস আৰু নিশা বৰভট্ট প্ৰজ্বলন কাৰ্যসূচী ডাঁহী বামুণ্ডী সত্ৰৰ সত্ৰাধিকাৰ বশিষ্ঠ দেৱ গোস্বামীয়ে মুকলি কৰে।
আজি পুৱা শ্ৰীবিষ্ণু পূজা আৰম্ভ হয়। এই উপলক্ষে স্থানীয় ৰাইজৰ অংশগ্ৰহণেৰে সম্পন্ন হয় পানীতোলা কাৰ্যসূচী। মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি হৰিদেৱ শৰ্মা আৰু সম্পাদক হিমাংশু ডেকাই প্ৰকাশ কৰা অনুসৰি, আজি পুৱা ১০ বজাত বাৰ্ষিক সবাহৰ আকৰ্ষণীয় কাৰ্যসূচী শ্ৰীমদ্ভাগৱত দেৱবসনৰ নিলাম কাৰ্যসূচী মুকলি কৰে নিউজ লাইভৰ কাৰ্যবাহী সম্পাদক লুইত নীল ডনে। পাছলৈ হিৰণ্য ডেকা আৰু হিমাংশু ডেকাই পৰিচালনা কৰা আৰু দুগ্ধ শইকীয়া সমন্বিতে বৃহৎ দলে সহযোগ কৰা নিলাম পৰ্বত লুইত নীল ডনে ২১ হাজাৰ টকাৰে আৰম্ভ কৰে ডাক পৰ্ব। এই পৰ্বত ৬৮ বছৰীয়া অৱসৰী শিক্ষয়িত্ৰী কিৰণ ডেকা, ৮৬ বছৰীয়া পূজাৰী, সমাজসেৱী লোহিত চন্দ্ৰ শৰ্মাকে ধৰি প্ৰায় কুৰিজনে অংশ লয়।
এই নিলাম পৰ্বত ৰঙামাটি জিলা পৰিষদৰ বিজেপি সদস্য বিতোপন ডেকাই ২ লাখ ৪৫ হাজাৰ ১ টকাত সৰ্বোচ্চ ডাক দিয়ে। বিতোপন ডেকাকে চূড়ান্ত আৰু সৰ্বশ্ৰেষ্ঠ মূল্য দিয়া বাবে এই বছৰৰ দেৱবসন বিক্ৰীৰ বন্দৱস্ত হয়।
তাৎপৰ্যপূৰ্ণ যে দেৱবসন এই পৰ্যন্ত ২ লাখ ৬৫ হাজাৰ টকাত বিক্ৰীৰ অভিলেখ ৰচনা কৰি থৈছে ডাঁহী অৰ্জুনতল শ্ৰীশ্ৰী বিষ্ণু মন্দিৰে। ২০২৩ বৰ্ষত ৰাকেশ শৰ্মাই উক্ত মূল্যত দেৱবসন ক্ৰয় কৰিছিল।