ডিজিটেল ডেস্ক, নাজিৰা, ২৬ এপ্ৰিল : নাজিৰা সমজিলাৰ প্ৰান্তে প্ৰান্তে গো-ধন চোৰৰ সন্ত্ৰাসে গো-পালকসকলৰ নিদ্ৰাহৰণ কৰি অহাৰ সময়তে চন্টক অঞ্চলত চুৰি গৰুসহ এজনক ৰাইজে ধৰি আৰক্ষীক গতাই দিয়ে।
উল্লেখ্য যে গো-মাংস বিক্ৰীৰ ক্ষেত্ৰত চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰাৰ সময়তে গোহালিৰ গৰু চুৰ কৰাৰ লগতে গো-মাংসৰ বেহা বৃদ্ধি পাই আহিছে। দেওবাৰে বিয়লি প্ৰায় তিনি বজাত এজন যুৱকে বিহুবৰ অঞ্চলৰ পৰা এটা গৰু চুৰ কৰি শিমলুগুৰি দিশে নি থকাৰ সময়তে চণ্টক পাঁচআলিত স্থানীয় ৰাইজে ৰখিবলৈ কোৱাত যুৱকজনে গৰুটো এৰি পলায়ন কৰে যদিও ৰাইজে খেদি খেদি চোৰটোক ধৰি উত্তৰ-মধ্যম শোধাই বিহুবৰ আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ চুৰি গৰুটো উদ্ধাৰ কৰে আৰু চণ্টক পাঁচআলিৰ চান তাঁতী নামৰ গৰু চোৰটোক আটক কৰি থানালৈ নি জেৰা চলাইছে।