ডিজিটেল ডেস্ক, চামতা, ২৬ এপ্রিল : চামতাৰ পশ্চিম নলবাৰী ৰঙালী বিহু সন্মিলনত আজি অর্ধশতাধিক লোকে ৰক্তদান কৰে। বিগত বৰ্ষবোৰৰ লেখিয়াকৈ এইবেলিও নলবাৰী জিলাৰ চামতাৰ বালিপথাৰত উদযাপিত ৭৩সংখ্যক পশ্চিম নলবাৰী ৰঙালী বিহু সন্মিলনত দেওবাৰে অন্যান্য কাৰ্যসূচীৰ লগতে ব্যতিক্রমী চিন্তাৰে আয়োজন কৰা হয় বালিপথাৰৰ য়ুথ ক্লাবৰ উদ্যোগত ৰক্তদান শিবিৰ।
উক্ত শিবিৰ আজি পুৱা ৯ বজাত মুকলি কৰে চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ বলেন গোস্বামীয়ে। শিবিৰটোত অঞ্চলটোৰ ৪৬গৰাকী পুৰুষ-মহিলাই ৰক্তদান কৰে। অনুষ্ঠানটোত উপস্থিত থাকে পশ্চিম নলবাৰী ৰঙালী বিহু সন্মিলনীৰ সভাপতি পংকজ বৰ্মন, সম্পাদক কিশোৰ তালুকদাৰ, সহকাৰী সম্পাদক বিশ্বজিৎ শৰ্মা, ৰূপীয়াবাথান পঞ্চায়তৰ সভাপতি অমল বৰ্মনৰ লগতে বিহু সমিতিৰ উদ্যোক্তাৰ লগতে স্থানীয় কেইবাগৰাকী বিশিষ্ট ব্যক্তি।
আনহাতে, পুৱাৰ পৰা বিভিন্ন খেল-ধেমালি, চিত্ৰাংকন, ভেশছন প্ৰতিযোগিতা অনুষ্ঠিত হয়।