নিয়মীয়া বাৰ্তা, ধুবুৰী, ২৬ এপ্ৰিল : ড্ৰাগছৰ বিৰুদ্ধে সজাগতা বৃদ্ধিৰ উদ্দেশ্যৰে ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ শিক্ষক সন্থা আৰু ধুবুৰী জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত তথা স্থানীয় টাউন ক্লাবকে ধৰি অন্যান্য কেইবাটাও অৰাজনৈতিক সংগঠনৰ সহযোগত আজি ধুবুৰীত অনুষ্ঠিত হৈ যায় “ধুবুৰী মাৰাথন ২০২৬”ৰ তৃতীয় সংস্কৰণ।
সেইমৰ্মে পুৱা প্ৰায় ৫ বজাত ধুবুৰী চহৰৰ মাজমজিয়াৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰৰ পৰা আজিৰ এই মাৰাথন প্ৰতিযোগিতাৰ শুভাৰম্ভ ঘটে। ৪২.২, ২১.১, ১০ আৰু ৫ কিলোমিটাৰৰ চাৰিটা শিতানত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখনত প্ৰতিকূল বতৰকো নেওচি প্ৰায় ৮শ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।
৪২.২ কিলোমিটাৰৰ পুৰুষ শাখাত চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে ৰোহিত সাৰজে। আনহাতে, অশ্লেষ কুমাৰ ৰাজৱাৰে দ্বিতীয় স্থান লাভ কৰাৰ বিপৰীতে তৃতীয় স্থান লাভ কৰে গংগা হাং চুব্বাই। মহিলাৰ শাখাত ফলেশ্বৰী ৰাজৱাৰে প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে সন্ধ্যা যাদৱে দ্বিতীয় স্থান পায়।
২১.১ কিলোমিটাৰত পুৰুষৰ শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে অনীক কুমাৰ পেটেল, অভিষেক আৰু কামিয়াৰে। মহিলাৰ শাখাত অন্নু পলে প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে সাধনা দেৱী আৰু জশ্বিনী নৰেন্দ্ৰ লাম্বকাইয়ে।
১০ কিলোমিটাৰৰ পুৰুষৰ শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে আশিস কুমাৰ, ৱিথাল আৰু সুৰজ কুমাৰ পলে। মহিলা শাখাত নিশাই প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে পুলি দলে আৰু ছেৰলিবন টেৰ’নপিয়ে।
আনহাতে, ৫ কিলোমিটাৰৰ পুৰুষৰ শাখাত আদিত্য ছেত্ৰীয়ে প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে শাহিল কুমাৰ আৰু বলৰাম পালে। মহিলা শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে নিশা কুমাৰী শ্ব’, ৰিংকী সৰকাৰ আৰু অনিতা সাহানীয়ে।