নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এদিনতে ৪বাৰ সলনি অৰেঞ্জ কেপৰ গৰাকী

আইপিএলৰ ইতিহাসত আমোদজনক ঘটনাৰ সাক্ষী হয় ক্রিকেট অনুৰাগী৷ এদিনতে ৪বাৰকৈ অৰেঞ্জ কেপৰ গৰাকী সলনি হ’বলগীয়া কথাটোৱে এতিয়া নেটিজেনৰ মাজতো বেচ চর্চা লাভ কৰিছে৷

দিল্লী কেপিটেলছ আৰু পাঞ্জাব কিংছৰ খেলৰ পূর্বে অৰেঞ্জ কেপৰ গৰাকী আছিল বিৰাট কোহলি৷ শনিবাৰে আইপিএলৰ প্রথমখন মেচত অপৰাজিত ১৫২ ৰান কৰি দিল্লীৰ অধিনায়ক কে এল ৰাহুলে অৰেঞ্জ কেপৰ গৰাকী হয়৷ নিশা আইপিএলৰ দ্বিতীয়খন মেচত হায়দৰাবাদৰ বিৰুদ্ধে ৰাজস্থানৰ কনিষ্টতম বেটছমেন বৈভৱ সূর্যবংশীয়ে চলিত আইপিএলৰ প্রথমটো শতক অর্জনেৰে কে এল ৰাহুলৰ পৰা অৰেঞ্জ কেপৰ কৃতিত্ব আঁজুৰি আনিবলৈ সক্ষম হয়৷

৩৬টা বলত ৫টা চাৰি আৰু ১২টা ছয়েৰে বৈভৱে কে এল ৰাহুলৰ সৈতে সমানে ৩৫৭ ৰান সংগ্রহ কৰি সর্বাধিক ৰান সংগ্রহকাৰী হিচাপে পৰিগণিত হৈছিল৷ কিন্তু দ্বিতীয় ইনিংছত হায়দৰাবাদৰ বিস্ফোৰক অ’পেনাৰ অভিষেক শর্মাই ৰাজস্থানৰ বিৰুদ্ধে ৫৭ ৰানৰ ইনিংছ খেলি বৈভৱক চেৰ পেলাবলৈ সক্ষম হয়৷

এইবাৰ অৰেঞ্জ কেপৰ গৰাকী হয় অভিষেক শর্মা৷ হায়দৰাবাদৰ খেলুৱৈগৰাকীয়ে এতিয়ালৈকে আইপিএলত সর্বাধিক ৩৮০ ৰান কৰিবলৈ সক্ষম হৈছে৷

ডিজিটেল ডেস্ক, ২৭ এপ্রিল

You might also like