টিহুত উত্তাল পৰিস্থিতি, শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ
টিহুৰ নাথকুছিস্থিত North East Mega Food Park-ৰ অন্তৰ্গত Graintech খাদ্য প্ৰস্তুতকৰণ উদ্যোগত আজি পুৱাৰে পৰা উত্তাল পৰিস্থিতিৰ সৃষ্টি হৈছে। উদ্যোগটোৰ শ্ৰমিকসকলৰ তীব্ৰ প্ৰতিবাদৰ ফলতেই এই পৰিস্থিতিৰ উদ্ভৱ হোৱা বুলি জানিব পৰা গৈছে।
অভিযোগ অনুসাৰে, উদ্যোগটোৰ শ্ৰমিকসকল দীৰ্ঘদিন ধৰি শোষণৰ বলি হৈ আহিছে। উদ্যোগ কৰ্তৃপক্ষই শ্ৰমিকসকলৰ শ্ৰমৰ সঠিক মূল্য নিদি তেওঁলোকক অৱহেলা কৰি আহিছে বুলি শ্ৰমিকসকলে অভিযোগ উত্থাপন কৰিছে।
ইয়াৰ উপৰি শ্ৰমিকসকলৰ মজুৰিৰ পৰা স্বাস্থ্য সুবিধা আৰু কৰ্মৰত অৱস্থাত পাবলগীয়া আন সা-সুবিধাসমূহৰ ক্ষেত্ৰতো কোনো দায়বদ্ধতা নথকাৰ অভিযোগ উত্থাপন কৰা হৈছে। এই সকলো দাবীক কেন্দ্ৰ কৰি আজি পুৱাৰে পৰা উদ্যোগটোৰ পুৰুষ আৰু মহিলা শ্ৰমিকসকলে নিজ নিজ প্ৰাপ্যৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে।
ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু প্ৰশাসনৰ ফালৰ পৰা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আশা কৰা হৈছে।
ডিজিটেল ডেস্ক, ২৭ এপ্ৰিল