নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফুটবল বিশ্বকাপ সন্দর্ভত ইৰানক নতুন চর্ত জাৰি আমেৰিকাৰ

ফুটবল বিশ্বকাপ সন্দর্ভত ইৰানৰ ওপৰত নতুন চর্ত জাৰি কৰিছে আমেৰিকাই৷ এই চর্ত পূৰণ হ’লেহে ইৰানৰ ফুটবল দলক আমেৰিকাত প্রৱেশৰ অনুমতি প্রদান কৰা হ’ব বুলি উল্লেখ কৰিছে মার্কিন বিদেশ সচিব মার্কো ৰোবি’ই৷

উল্লেখ্য যে আমেৰিকা, মেক্সিকো আৰু কানাডাই যুটীয়াভাৱে এইবাৰৰ বিশ্বকাপ অনুষ্ঠিত কৰিব৷ ইৰানৰ গ্রুপ পর্যায়ৰ সকলো খেল অনুষ্ঠিত হ’ব আমেৰিকাত৷ কিন্তু মধ্যপ্রাচ্যৰ যুদ্ধৰ পৰিস্থিতিৰ পিছৰ পৰা বিশ্বকাপত ইৰানৰ অংশগ্রহণক লৈ অনিশ্চয়তাই দেখা দিছে৷

মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ মন্তব্যৰ পাছৰ পৰা দিনক দিনে ইৰানৰ অংশগ্রহণ অনিশ্চিত হৈ পৰিছে৷ যুদ্ধবিৰতি ঘোষণা কৰিলেও এতিয়ালৈকে কোনোধৰণৰ আনুষ্ঠানিক আলোচনাত মিলিত হোৱা নাই ইৰান–আমেৰিকা৷

ইয়াৰ মাজতে বিশ্বকাপত ইৰানৰ অংশগ্রহণ সন্দর্ভত মার্কিন বিদেশ সচিবগৰাকীয়ে কয়– ‘ইৰানী ফুটবলাৰসকলে আমেৰিকাত বিশ্বকাপ খেলিবলৈ অহাত আমাৰ কোনো আপত্তি নাই৷ কিন্তু ইৰানৰ ইছলামিক ৰিভ’লিউচনাৰী গার্ড কর্পছৰ কোনোৱেই দলটোৰ লগত থাকিব নোৱাৰিব৷

ফুটবলৰ সৈতে অহা কোনো লোকেই আইআৰজিচিৰ সৈতে জড়িত হ’ব নোৱাৰিব৷ এনে কোনো সাংবাদিক আৰু প্রশিক্ষক আহিলে তেওঁলোকে আমেৰিকাত প্রৱেশ কৰিব নোৱাৰিব৷’ ইফালে, ইৰানৰ অনিশ্চয়তাৰ সময়ত আমেৰিকাই শত্রু দেশখনৰ স্থানত ইটালীক বিশ্বকাপত অন্তর্ভুক্ত কৰাৰ পৰিকল্পনা কৰি থকা বুলিও চর্চা চলি আছে৷

ডিজিটেল ডেস্ক, ২৭ এপ্রিল

You might also like