উচ্চতৰ মাধ্যমিক (HS) চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছতে বাণিজ্য শাখাতো সন্তোষজনক ফলাফল দেখা গৈছে। Assam State School Education Board-ৰ অধীনত অনুষ্ঠিত এইবাৰৰ পৰীক্ষাত বাণিজ্য শাখাত ৮১.১৩ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে।
তথ্য অনুসাৰে, এইবাৰ বাণিজ্য শাখাত মুঠ ১৯,৪৬৯গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ইয়াৰ ভিতৰত ১৫,৭৯৬গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে।
বিভাগ অনুসৰি উত্তীৰ্ণৰ সংখ্যা—
- প্ৰথম বিভাগ : ৭,৭৮৭ গৰাকী
- দ্বিতীয় বিভাগ : ৫,৬৯৪ গৰাকী
- তৃতীয় বিভাগ : ২,৩১৫ গৰাকী
ডিজিটেল ডেস্ক, ২৮ এপ্ৰিল