নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

HS-ৰ ফলাফল : বিজ্ঞান শাখাত ৮৯.৭৯ শতাংশ উত্তীৰ্ণ

শিৰোনাম:
, প্ৰথম বিভাগত ৩৪ হাজাৰতকৈ অধিক সফল

উপ-শিৰোনাম:
৬০ হাজাৰতকৈ অধিক পৰীক্ষাৰ্থীৰ ভিতৰত ৫৪,৪৭৪ গৰাকী উত্তীৰ্ণ

উচ্চতৰ মাধ্যমিক (HS) চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাৰ ফলাফলত এইবাৰ উল্লেখযোগ্য সফলতা দেখা গৈছে। Assam State School Education Board-ৰ অধীনত অনুষ্ঠিত এইবাৰৰ পৰীক্ষাত বিজ্ঞান শাখাত ৮৯.৭৯ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে।

তথ্য অনুসাৰে, এইবাৰ বিজ্ঞান শাখাত মুঠ ৬০,৬৬৭ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ইয়াৰ ভিতৰত ৫৪,৪৭৪ গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে।

বিভাগ অনুসৰি উত্তীৰ্ণৰ সংখ্যা—

  • প্ৰথম বিভাগ : ৩৪,০৭৯ গৰাকী
  • দ্বিতীয় বিভাগ : ১৭,৭৭৭ গৰাকী
  • তৃতীয় বিভাগ : ২,৬১৮ গৰাকী

ডিজিটেল ডেস্ক, ২৮ এপ্ৰিল

You might also like