দেশৰ পাঁচখন ৰাজ্যত অনুষ্ঠিত বিধানসভা নির্বাচনৰ ভোটগ্রহণপর্ব সামৰণি পৰাৰ লগে লগে বিভিন্ন সংস্থাই এই নির্বাচনৰ ফলাফলক লৈ পূর্বানুমান প্রকাশ কৰিছে৷ দেশৰ পাঁচোখন ৰাজ্যৰ ভিতৰত সকলোৰে দৃষ্টি আকর্ষণ কৰা অন্যতম ৰাজ্যখন হ’ল পশ্চিমবংগ৷
দীর্ঘদিন তৃণমূল কংগ্রেছৰ শাসনত থকা ৰাজ্যখনত এইবাৰৰ নির্বাচনত বিপুলসংখ্যক ভোটদান হোৱাক লৈ বিভিন্ন পক্ষৰ মাজত বিভিন্ন ধৰণৰ জল্পনা–কল্পনাৰ সৃষ্টি হয়৷ ৰাজ্যখনত দ্বিতীয় পর্যায়ৰ ভোটগ্রহণপর্বৰ সামৰণি পৰে৷
ভোটগ্রহণপর্ব সামৰণি পৰাৰ পিছতে বিভিন্ন সংস্থাই প্রকাশ কৰা নির্বাচনী ফলাফলৰ পূর্বানুমান অনুসৰি এইবাৰ ৰাজ্যখনত শাসকীয় দলটোক ওফৰাই বিজেপিয়ে সমতা দখল কৰিবলৈ সক্ষম হ’ব৷
চাণক্য ষ্টেটেজিছে প্রকাশ কৰা পূর্বানুমান অনুসৰি পশ্চিমবংগত বিজেপিয়ে এইবাৰ ১৫০–১৬০সংখ্যক আসন লাভ কৰাৰ সম্ভাৱনা আছে৷ আনহাতে ২৯৪ আসনযুক্ত বিধানসভাত শাসকীয় তৃণমূল কংগ্রেছে এইবাৰ ১৩০–১৪০ আসন লাভ কৰিব বুলি অনুমান কৰা হৈছে৷
অন্যান্য দলসমূহে প্রায় ৬–১০খন আসন লাভ কৰাৰ সম্ভাৱনা আছে৷ আনহাতে মেট্রিজ এগ্জিট প’লৰ মতে, বিজেপিয়ে ৰাজ্যখনত ১৪৬–১৬১খন আসন লাভ কৰাৰ সম্ভাৱনা আছে৷ তাৰ বিপৰীতে মমতা বেনার্জী নেতৃত্বাধীন তৃণমূল কংগ্রেছে ১২৫–১৪০খন আসন লাভ কৰাৰ সম্ভাৱনা আছে৷
ডিজিটেল ডেস্ক, ৩০ এপ্রিল