লোহাৰঘাট, চানডুবিৰ সমীপৰ অসম-মেঘালয় সীমান্তত গছ কাটি তহিলং
পশ্চিম কামৰূপ বন সংমণ্ডলৰ অধীনৰ লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চলটোত একাংশ চোৰাংকাঠৰ কাৰবাৰীয়ে ভাৰাতীয়া লোকৰ দ্বাৰাই গছ কাটি তহিলং কৰা ঘটনাই অঞ্চলটোৰ সচেতন লোক তথা প্ৰকৃতিপ্ৰেমী লোকৰ চকু কপালত তুলিছে।
বিশেষকৈ অসম মেঘালয়ৰ সীমা সমস্যাৰ দোহাই দি একাংশ কাঠৰ কাৰবাৰীয়ে অঞ্চলটোৰ চানডুবিৰ সমীপৰ উমচুৰ, লংচাই, বাখালাপাৰা, কুন্দিল নগৰ, আপাৰ মুদুকী আদি অঞ্চলত নিশাৰ ভাগত একাংশ চোৰাংকাঠৰ কাৰবাৰীয়ে মূল্যবান গছ কাটি তহিলং কৰিছে যদিও খবৰ নাই বন বিভাগ তথা আৰক্ষী প্ৰশাসনৰ।
এই অঞ্চলবোৰত চোৰাংকাঠৰ কাৰবাৰীয়ে গছ কাটি ঠায়ে ঠায়ে দমাই ৰাখি শেষত অসম মেঘালয়ৰ সীমান্তৰ জিৰাং,পাথাৰ খামা আদি ঠাইৰ কাঠৰ মিললৈ নি তাত ফালি পুনৰ অসমলৈ সৰবৰাহ কৰি আহিছে।
লোহাৰঘাটৰ অসম মেঘালয় সীমান্তৰ এই অঞ্চলবোৰত গছ কটাক লৈ একাংশ লোকে চোৰাংকাঠৰ কাৰবাৰীক বাধা প্ৰদান কৰি আহিছে যদিও সময়ে সময়ে ব্যাঘাতৰ সৃষ্টিহে হৈ আহিছে।
আনকি এই অঞ্চলবোৰত গছ কটাৰ ক্ষেত্ৰত আৰক্ষী আৰু বনবিভাগৰ একাংশ বিষয়া কৰ্মচাৰীক মেনেজ কৰি অহাৰো অভিযোগ উত্থাপন হৈছে। তদুপৰি মেঘালয়ৰ কাঠ কলত ফলা এই কাঠবোৰ সুবিধা বুজি নিশাৰ ভাগত ৰাণীৰ শুকুৰবেৰীয়া, পাগেলীবাগান, জয়পৰ, নালাপাৰা, চল্লি, গাৰোপাৰা, লোহা
এই অঞ্চলটোত গছ কটাৰ অপৰাধত শেহতীয়াভাৱে লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ পূৰ্বৰ বন বিষয়াগৰাকীয়ে দুজন লোকক জেললৈ প্ৰেৰণ কৰিছিল। অৱশ্যে প্ৰকৃত চোৰাং কাঠৰ কাৰবাৰীৰ সলনি ভাৰাতীয় লোককহে আটক কৰি বন বিভাগে দায়িত্ব সামৰে।
বৰ্তমানেও এই অঞ্চলবোৰত চোৰাংকাঠৰ কাৰবাৰ চলি আহিছে। এই চোৰাংকাঠৰ কাৰবাৰীৰ পৰাই লগতে একাংশ দল সংগঠনৰ লোককো মাহিলী হাৰত ধন দি অহাৰ অভিযোগ বহুদিনীয়া।
একাংশ চোৰাংকাঠৰ কাৰবাৰীয়ে চাতুকাৰ,চোৰাংচোৱা ৰাখি গছ কটাত নিমজ্জিত হৈছে। তেওঁলোকে লগতে বিভিন্ন মটৰ চাইকেল,সৰু সুৰা বাহনত মানুহ নিয়োগ কৰি এই চোৰাং কাঠভৰ্তি বাহনসমূহ সৰবৰাহ কৰি আহিছে।
নিয়মীয়া বাৰ্তা, পলাশবাৰী, ৫ মে’