বাইকৰ মুখামুখি সংঘৰ্ষযোগে পথ দুৰ্ঘটনাত মৃত্যুবৰণ কৰা ভাগিনৰ খবৰ লবলৈ আহি খোদ মোমায়েকেই দুৰ্ঘটনাত পতিত হোৱাৰ দৰে কৰুণ ঘটনাই জোকাৰি গৈছে দৰং। লক্ষনীয় যে পহিলা মে’ৰ গধূলি জনাৰামচৌকাত সংঘটিত পথ দুৰ্ঘটনাত ডাঁহী তালিপাৰাৰ ভূপেন ডেকাৰ একমাত্ৰ পুত্ৰ ৰাজীৱৰ মৃত্যু হয়।
অকালতে ৰাজীৱ মৃত্যুবৰণ কৰা ৰাজীৱৰ ২ মে’ৰ আবেলি শেষকৃত্যত ভাগ লবলৈ ছিপাঝাৰ গোপালপুৰ সৌমখা গাঁৱৰ পৰা মোমায়েক ভূমিধৰ চহৰীয়া বাইক লৈ আহিছিল। প্ৰায় ৪৭ বছৰীয়া চহৰীয়া গধূলি ৭-৩০ মান বজাত মঙলদৈ-ৰঙিয়া সংযোগী নিৰ্মানৰত পথেৰে গৃহাভিমুখী হয়। কিন্তু চহৰীয়াৰ ওভতনি যাত্ৰাত দীঘিৰপাৰ হৈয়েই অৰ্ধনিৰ্মানৰত কালভাৰ্টত দূৰ্ঘটনাত পতিত হয়।
নিৰ্মানৰত কালভাৰ্টটোৰ এটা অংশ নিৰ্মান কৰি কোনোধৰণৰ বেৰিকেড নিদিয়াকৈ থোৱাত নিশা চহৰীয়াই বাইকেৰে খুন্দিয়াই বাগৰি পৰে। ফলত মুখমণ্ডলৰ লগতে বুকুত প্ৰচণ্ড আঘাত পায়। চহৰীয়াক লগে লগে পোনতে ছিপাঝাৰ আৰু পাছলৈ গুৱাহাটীলৈ প্ৰেৰণ কৰে।
তাৎপৰ্যপূৰ্ণ প্ৰথমাৱস্হাত মঙলদৈৰ পৰা দুনী পৰ্যন্ত নিৰ্মান স্বাভাৱিকভাৱেই অগ্ৰগতি লাভ কৰিছিল যদিও পথচোৱাৰ নিৰ্মানকাৰী বেপৰোৱা হৈ পৰে। সাধাৰণ যাতায়তকাৰীৰ সুৰক্ষাৰ দিশটো আওকাণ কৰি নিৰ্মানাধীন কালভাৰ্ট বা দলঙত কোনো ধৰণৰ সংকেত অথবা অস্হায়ী বেৰিকেডৰ ব্যৱস্হা যে ল’ব লাগে, সেই বিষয়টো পাহৰি যায়।
যাৰ বাবে বিগত ডেৰ মাহত কেবাটাও সৰু-বৰ পথ দূৰ্ঘটনা সংঘটিত হৈ আহিছে। বিষয়টোত নিৰ্মানকাৰীৰ এৰা-ধৰা মনোভাৱ আৰু লেহেমীয়া নিৰ্মানে ৰাইজক জীয়াতু ভোগাইছে। বাৰিষা নৌহওঁতেই এই অৱস্হাৰ অৱসান নকৰিলে পৰৱৰ্তী সময়ত পথ নিৰ্মানৰ অধ্যায়টো হিতে বিপৰীত হোৱাৰ সম্ভাৱনা প্ৰৱল।
নিৰ্মানৰত পথটোৰ এই সমস্যাকলৈ নিৰ্মানকাৰীক ৰাইজে কঠোৰ সমালোচনা কৰাই নহয়, নিৰ্মান সম্পূৰ্ণ কালভাৰ্ট সমূহৰ এপ্ৰ’চ সমূহ শীঘ্ৰে সম্পূৰ্ণ কৰাৰ দাবী কৰিছে।
ষ্টাফ ৰিপৰ্টাৰ, দৰং, ৫ মে’