নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফকিৰগঞ্জত আৰক্ষীৰ অভিযান : সন্দেহযুক্ত হেৰ’ইনসহ ড্ৰাগছ সৰবৰাহকাৰী আটক

ফকিৰগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত ধাপনপাৰা গাঁৱত নিশা আৰক্ষীয়ে এক সফল অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে দুজন অভিযুক্তক আটক কৰিবলৈ সক্ষম হয়।

ধৃত অভিযুক্ত দুজন হ’ল ইকবাল হুছেইন, গজিবৰ ৰহমান। আটক কৰা দুয়োৰে ঘৰ ফকিৰগঞ্জ থানাৰ অন্তৰ্গত ধাপনপাৰা গাঁৱত বুলি জানিব পৰা গৈছে। গোপন সূত্ৰৰ পম খেদি আৰক্ষীৰ এটা দলে ইকবাল হুছেইনৰ বাসগৃহত অতৰ্কিতে তালাচী চলায়। এই অভিযানকালত আৰক্ষীয়ে ঘৰটোৰ পৰা নিচাজাতীয় সামগ্ৰীসমূহ উদ্ধাৰ কৰে।

অভিযানত আৰক্ষীয়ে জব্দ কৰিছে সন্দেহযুক্ত হেৰ’ইন ১১৪ টা প্লাষ্টিকৰ ভায়েল (Vials), যাৰ মুঠ ওজন প্ৰায় ১৪৪.৫৫ গ্ৰাম, ১৮টা খালী প্লাষ্টিকৰ ভায়েল/কণ্টেইনাৰ, নগদ ২,৮৫০ টকা। বৰ্তমান আৰক্ষীয়ে ধৃত অভিযুক্ত দুজনক অধিক সোধা-পোছাৰ বাবে জিম্মাত লৈছে আৰু এই ড্ৰাগছ ব্যৱসায়ৰ সৈতে আন কোনো লোক জড়িত আছে নেকি সেই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

নিয়মীয়া বাৰ্তা, মানকাচৰ, ৬ মে’

You might also like