নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিমবংগত বিজেপি নেতা শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়কক গুলীয়াই হত্যা

ডিজিটেল ডেস্ক, ৭ মে’ : পশ্চিমবংগত এক চাঞ্চল্যকৰ ঘটনাই উত্তেজনাৰ সৃষ্টি কৰিছে। বিজেপি নেতা শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক চন্দ্ৰনাথ ৰথক কলকাতাৰ ওচৰৰ মধ্যগ্ৰামত গুলীয়াই হত্যা কৰা হৈছে।

খবৰ অনুসৰি, চন্দ্ৰনাথ ৰথে এখন গাড়ীৰে যাত্ৰা কৰি থকা সময়ত বাইকত অহা আক্ৰমণকাৰীয়ে তেওঁক অনুসৰণ কৰি গুলীচালনা কৰে। চলন্ত গাড়ীখনলৈ চাৰিজাঁই গুলী চলোৱা হৈছিল বুলি জানিব পৰা গৈছে। এই গুলীচালনাত চন্দ্ৰনাথ আৰু তেওঁৰ চালক বুদ্ধদেৱ গুৰুতৰভাৱে আহত হয়। লগে লগে তেওঁলোকক ওচৰৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে চন্দ্ৰনাথ ৰথে মৃত্যুক সাবটি লয় ।

পশ্চিমবংগ বিধানসভা নিৰ্বাচনত বিজেপিয়ে গুৰুত্বপূৰ্ণ জয়লাভ কৰাৰ মাত্ৰ দুদিন পিছতেই এই আক্ৰমণ সংঘটিত হয়। চন্দ্ৰনাথ ৰথ শুভেন্দু অধিকাৰীৰ বিশ্বস্ত সহায়ক হিচাপে পৰিচিত আছিল আৰু বহু বছৰ ধৰি তেওঁৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আহিছিল। ঘটনাৰ খবৰ পোৱাৰ পিছতে শুভেন্দু অধিকাৰী নিজেই হাস্পতালত উপস্থিত হয় আৰু এই কথা নিশ্চিত কৰে ।

আৰক্ষী সূত্ৰই সদৰী কৰা মতে, আক্ৰমণকাৰীসকলে ব্যৱহাৰ কৰা বাইকখনত কোনো পঞ্জীয়ন নম্বৰ নাছিল । বৰ্তমান আৰক্ষীয়ে যশোহৰ ৰোডত থকা বিভিন্ন চি চি টিভিৰ ফুটেজ পৰীক্ষা কৰি হত্যাকাৰীৰ সন্ধান চলাইছে ।

চিকিৎসালয়ৰ বাহিৰত সংবাদ মাধ্যমৰ সৈতে কথা পাতি শুভেন্দু অধিকাৰীয়ে এই হত্যাকাণ্ডক পূৰ্বপৰিকল্পিত আক্ৰমণ বুলি বৰ্ণনা কৰে। তেওঁ কয়- “এই ঘটনা হৃদয়বিদাৰক; আমি এই ঘটনাক কঠোৰভাৱে নিন্দা কৰিছোঁ।”

উল্লেখ্য যে শেহতীয়া বিধানসভা নিৰ্বাচনত বিজেপিৰ বৃহৎ বিজয়ৰ পিছৰে পৰা ৰাজ্যখনত ৰাজনৈতিক হিংসা বৃদ্ধি পোৱা দেখা গৈছে । বিজেপিয়ে এই ঘটনাৰ আঁৰত তৃণমূল কংগ্ৰেছৰ হাত থকা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

You might also like