নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰুপথাৰ ‘মিঞা মুক্ত’ কৰাৰ সংকল্প বিশ্বজিৎ ফুকনৰ, উচ্ছেদ অভিযানৰ ইংগিত

সৰুপথাৰ বিধানসভা সমষ্টিৰ পৰা দ্বিতীয়বাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হোৱা বিশ্বজিত ফুকনে কৰা এক বিশেষ ফেচবুক পষ্টক কেন্দ্ৰ কৰি ব্যাপক চৰ্চা আৰম্ভ হৈছে।

ফেচবুক পষ্টত বিধায়কগৰাকীয়ে উল্লেখ কৰে— “নিৰ্বাচনী প্ৰচাৰৰ সময়ত আমি কোনো প্ৰতিশ্ৰুতি দিয়া নাছিলোঁ। মাত্ৰ পাৰ হৈ যোৱা কাৰ্যকালৰ কামৰ ভিত্তিত অংশীদাৰ বিচাৰিছিলোঁ। দ্বিতীয়বাৰৰ বাবে বিধায়ক ৰূপে নিৰ্বাচিত হৈ প্ৰথম প্ৰতিশ্ৰুতি হিচাপে সৰুপথাৰত সোনকালে অৱশিষ্ট বেদখল মুক্ত কৰিবলৈ উচ্ছেদ চলোৱা হ’ব। আগন্তুক কাৰ্যকাল সম্পূৰ্ণ আপোচশূন্য হ’ব।”

এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিধায়ক বিশ্বজিৎ ফুকনে কয় যে, “জাতি-মাটি-ভেটি সুৰক্ষা, খিলঞ্জীয়া লোকৰ অধিকাৰ, ভাষা-সংস্কৃতি-সভ্যতা আৰু ধৰ্মৰ সুৰক্ষাৰ ক্ষেত্ৰত আমি অত্যন্ত কঠোৰ। যোৱা বছৰ সৰুপথাৰৰ উৰিয়াঘাট সীমান্ত অঞ্চলৰ পৰা প্ৰায় ১৫ হাজাৰৰো অধিক অবৈধ নাগৰিকক উচ্ছেদ কৰা হৈছিল। এতিয়াও বহু লোক বিভিন্ন স্থানত সিচৰিত হৈ আছে। আদালতত কিছু গোচৰ চলি আছে। সেই লোকসকলকো উচ্ছেদ কৰি সৰুপথাৰক সম্পূৰ্ণ মিঞা মুক্ত কৰা হ’ব।”

ডিজিটেল ডেস্ক, ৭ মে’

You might also like