নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত চুৰি কৰিবলৈ আহি বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ধুবুৰী, ১৫ মে’ : ধুবুৰীত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। চহৰখনৰ এঘৰত চুৰি কৰিবলৈ আহি বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় এজন যুৱকৰ।

জানিব পৰা মতে, চহৰখনৰ ড° জাকিৰ হুছেইন ৰোডস্থিত লুৎফৰ ৰহমানৰ নামৰ ব্যক্তি এগৰাকীৰ গৃহত পুৱা চুৰিকাৰ্য চলোৱাৰ সময়তেই সংঘটিত হয় এই শোকাৱহ ঘটনাটো। ধুবুৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰহমান আৰু তেখেতৰ পত্নী অকলে থকাৰ সুযোগ লৈ যুৱকজনে চুৰি কৰিবলৈ আহিছিল। মৃত যুৱকজন ধুবুৰী চহৰৰ নিউ মাৰ্কেট অঞ্চলৰ ছেলিম শেখ (২০) বুলি প্ৰকাশ।

You might also like