অসম আন্দোলনৰ জাতীয় শ্বহীদসকলৰ স্মৃতি চিৰস্মৰণীয় কৰি ৰাখিবলৈ গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত নিৰ্মাণ কৰা হৈছিল শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু উদ্যান। আৰু শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু উদ্যান অসমৰ গৌৰৱ, স্বাভিমান আৰু জাতীয় চেতনাৰ এক অনন্য প্ৰতীক হিচাপে পৰিগণিত হৈছে।
অসমী আইৰ অস্তিত্ব আৰু স্বাভিমান ৰক্ষাৰ বাবে সংঘটিত ঐতিহাসিক অসম আন্দোলনত প্ৰাণ আহুতি দিয়া শ্বহীদসকলৰ স্মৃতিত নিৰ্মিত এই পৱিত্ৰ ক্ষেত্ৰখনৰ প্ৰতি জনসাধাৰণৰ আগ্ৰহ আৰু মৰ্যাদা অধিক বৃদ্ধি পাইছে। আৰু নিতৌ সহস্ৰাধিক লোকে এই ক্ষেত্ৰ পৰিদৰ্শন কৰিবলৈ আহে। বিশেষকৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু উদ্যান পৰিদৰ্শন কৰাৰ পিছত শ্বহীদ স্মাৰক ক্ষেত্ৰখন এক উল্লেখযোগ্য পৰ্যটনস্থলী হিচাপেও পৰিচিতি লাভ কৰিছে।
ইয়াৰ মাজতে নৱনিৰ্বাচিত অসম চৰকাৰৰ অসম চুক্তি ৰূপায়ণ বিভাগৰ দায়িত্ব পুনৰ লাভ কৰা মন্ত্ৰী অতুল বৰাই আজি শ্বহীদ স্মাৰক ক্ষেত্ৰত উপস্থিত হৈ অসম আন্দোলনৰ জাতীয় শ্বহীদসকলৰ স্মৃতিত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
মন্ত্ৰীগৰাকীৰ লগত অসম চুক্তি ৰূপায়ণ বিভাগৰ সচিব পল্লৱ গোপাল ঝা, যুটীয়া সচিব মধুমিতা নাথৰ লগতে বিভাগটোৰ আন কেইবাজনো জ্যেষ্ঠ বিষয়াও উপস্থিত থাকে।
ডিজিটেল ডেস্ক, ১৫ মে’