চেন্নাইক হৰুৱাই প্লেঅফত প্ৰৱেশ ছানৰাইজার্ছ হায়দৰাবাদৰ
ডিজিটেল ডেস্ক, ১৯ মে’ : ছানৰাইজার্ছ হায়দৰাবাদে চলিত আইপিএলৰ প্লেঅফত নিজৰ স্থান নিশ্চিত কৰিছে৷ সোমবাৰে অনুষ্ঠিত বিজয় অপৰিহার্য মেচখনত ছানৰাইজার্ছে চেন্নাই ছুপাৰ কিংছক ৫ উইকেটত পৰাস্ত কৰে৷ ছানৰাইজার্ছে ১৩খন মেচৰ পৰা ১৬ পইণ্ট সংগ্রহ কৰিছে৷ মেচখনত পৰাস্ত হোৱাৰ লগে লগে চেন্নাইৰ প্লেঅফত প্রৱেশৰ আশা স্তিমিত হৈ পৰে৷
মেচখনত চেন্নায়ে জয়ৰ বাবে বান্ধি দিয়া ১৮১ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি ঈশান কিশনৰ দর্শনীয় ৭০, ক্লাছেনৰ ৪৭ আৰু অভিষেক শর্মাৰ ২৬ ৰানৰ সহায়ত ছানৰাইজার্ছে ১৯ অভাৰত ৫টা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰি পেট কামিনছ আৰু ছাকিব হুছেইনৰ সুনিয়ন্ত্রিত বলিঙৰ সন্মুখত চেন্নাই ছুপাৰ কিংছে নির্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৮০ ৰান সংগ্রহ কৰে৷
সঞ্জু ছেমছন আৰু অধিনায়ক ৰুতুৰাজ গাইকোৱাডে আক্রমণাত্মক আৰম্ভণি কৰে যদিও ছেমছন আউট হোৱাৰ পিছত দলটো বিপর্যয়ত পৰে৷ ছেমছনে ১৩ বলত ২৭ ৰান কৰি বিদায় লয়৷ ইফালে, অধিনায়ক গাইকোৱাডে ১৫ আৰু উর্ভিল পেটেলে ১৩ ৰান কৰি বিদায় লোৱাত দলটো বিপদত পৰে৷ অৱশ্যে কার্তিক শর্মাই ৩২, দেৱাল্ড ব্রেভিছে ৪৪ আৰু শিৱম ডুবেই ২৬ ৰান কৰি দলটোক সন্মানজনক স্থিতিত উপনীত কৰায়৷ ছানৰাইজার্ছৰ হৈ কামিনছে তিনিটা, ছাকিবে দুটা, প্রফুল আৰু মালিংগাই এটাকৈ উইকেট লয়৷