নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বর্ষাপাৰাত অসম ক্রিকেট সংগ্রহালয়ৰ উদ্বোধন মুখ্যমন্ত্রীৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই গুৱাহাটীৰ বর্ষাপাৰা ষ্টেডিয়ামৰ চৌহদত স্থাপন কৰা অসম ক্রিকেট সংগ্রহালয় উদ্বোধন কৰাৰ লগতে The Golden Innings : Legacy of Assam Cricket’ শীর্ষক এখন তথ্যচিত্রও উন্মোচন কৰে৷

উল্লেখ্য যে অসম ক্রিকেট সন্থাৰ গৌৰৱোজ্জ্বল ইতিহাস, গুৰুত্বপূর্ণ নথিপত্র আৰু বিগত সময়ছোৱাৰ বিভিন্ন স্মৃতি সংৰক্ষণৰ বাবে সংগ্রহালয়টো স্থাপন কৰা হৈছে৷ এই সংগ্রহালয়টো হৈছে অসম ক্রিকেটৰ চহকী ইতিহাসৰ গৌৰৱময় চানেকি৷

স্বৰাজোত্তৰ পূর্বৰ পৰা আৰম্ভ কৰি বিগত সময়ছোৱাৰ অসম ক্রিকেটৰ পথিকৃতসকলৰ স্মৃতি ধৰি ৰখা এই সংগ্রহালয়টো স্বনামধন্য ক্রিকেটাৰসকলৰ প্রতি অসমবাসীৰ গভীৰ শ্রদ্ধাৰো প্রতীক৷ উক্ত সংগ্রহালয়টোৱে উঠি অহা প্রজন্মক অসমত ক্রিকেটৰ দীঘলীয়া যাত্রাৰ বিভিন্ন দিশৰ সৈতে পৰিচিত কৰোৱাৰ লগতে তেওঁলোকক অনুপ্রাণিত কৰিব৷

আনহাতে, বিগত সময়ত অসমত ক্রিকেট খেল কেনেদৰে আগবাঢ়িছিল, প্রথিতযশা ক্রিকেটাৰসকলৰ অৱদান আৰু বিভিন্ন নির্ণায়ক ঘটনাৰাজিৰ সুন্দৰ আলোকচিত্র আৰু বর্ণনাৰে সামৰি লোৱা তথ্যচিত্রখন হৈছে ১৯৪৮ চনত প্রতিষ্ঠা হোৱা এচিএৰ গৌৰৱোজ্জ্বল যাত্রাৰ এখন অনন্য দলিল৷

তথ্যচিত্রখন পৰিচালনা কৰিছে সমুজ্জ্বল কাশ্যপে৷ উক্ত দুয়োটা গুৰুত্বপূর্ণ পদক্ষেপৰ বাবে মুখ্যমন্ত্রী ড০ শর্মাই অসম ক্রিকেট সন্থাৰ বিষয়ববীয়া আৰু শুভাকাংক্ষীসকলক ধন্যবাদ জ্ঞাপন কৰে৷ অনুষ্ঠানটোত বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়া, অসম ক্রিকেট সন্থাৰ সভাপতি তথা বিধায়ক তৰংগ গগৈ প্রমুখ্যে গণ্য–মান্য ব্যক্তি উপস্থিত থাকে৷

ডিজিটেল ডেস্ক, ১৯ মে’

You might also like