- গুৱাহাটীত পুনৰ HIT AND RUNৰ ঘটনা।
- ট্ৰাকে মহটিয়ালে এজন লোকক।
- জুৰোড নাৰ্ছাৰীৰ সমীপত সংঘটিত হৈছে এই দুৰ্ঘটনা।
- আহত লোকজনক সংকটজনক অৱস্থাত ততাতৈয়াকৈ লৈ যোৱা হৈছে GMCHলৈ।
- দুৰ্ঘটনাত থিতাতে নিহত হৈছিল পথচাৰীগৰাকী।
- GMCHত চিকিৎসকে মৃত ঘোষণা কৰে লোকজনক।
- লোকজনৰ নাম প্ৰদীপ কুমাৰ সিং।
- তেওঁ গুৱাহাটীৰ নয়নপুৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে।
- ইতিমধ্যে মৰ্গলৈ প্ৰেৰণ কৰা হৈছে লোকজনক।
- AS17 1961 নম্বৰৰ ট্ৰাকখনৰে সংঘটিত হৈছিল এই দুৰ্ঘটনা।
- দূৰ্ঘটনা সংঘটিত কৰি পলায়নৰ চেষ্টা কৰে যদিও স্থানীয় লোকে জব্দ কৰে বাহনখন।
- পলায়ন কৰে বাহনখনৰ চালক।
ডিজিটেল ডেস্ক, ২০ মে’