নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাণিজ্যিক–ঘৰুৱা ৰন্ধন গেছৰ নাটনিত দিশহাৰা ব্যৱসায়ী

পেট্র’ল আৰু ডিজেলৰ মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজক সংকটত পেলোৱাৰ সময়তে ঘৰুৱা–বাণিজ্যিক ৰন্ধন গেছৰ অস্বাভাৱিক যোগানেও বৃদ্ধি কৰিছে সমস্যা৷ মধ্যপ্রাচ্যৰ যুদ্ধৰ প্রভাৱে সৃষ্টি কৰা ৰন্ধন গেছৰ সংকট যোৱা দীর্ঘদিনৰ পৰা ক্ষুদ্র ব্যৱসায়ীসকলক সমস্যাত পেলাই অহাৰ পাছতো ইয়াৰ পৰা উদ্ধাৰ পোৱা নাই৷

আনকি ৰন্ধন গেছৰ অস্বাভাৱিক যোগানৰ ফলত বহু ক্ষুদ্র ব্যৱসায়ীয়ে দোকান বন্ধ কৰিবলগা অৱস্থাৰ সৃষ্টি হৈছে৷ কিন্তু ইয়াৰ মাজতে ৰাজ্যত ইন্ধন বিতৰণ অব্যাহত থকাৰ দাবী তুলিছে আই’চিএলে৷ ৰাজহুৱা খণ্ডৰ তেল বিপণন কোম্পানী, ইণ্ডিয়ান অইল কর্প’ৰেচন লিমিটেড, ভাৰত পেট্র’লিয়াম কর্প’ৰেচন লিমিটেড আৰু হিন্দুস্থান পেট্র’লিয়াম লিমিটেডে তেল আৰু গেছ খণ্ডত প্রভাৱ পেলোৱা বিশ্বব্যাপী অনিশ্চয়তা সত্ত্বেও সমগ্র অসমত পেট্র’ল–ডিজেলৰ লগতে এলপিজিৰ যোগান নিৰৱচ্ছিন্নভাৱে অব্যাহত থকা বুলি ঘোষণা কৰিছে৷

আইঅ’চিএলে ইয়াকো স্পষ্ট কৰিছে যে ৰাজ্যত পেট্র’লিয়াম সামগ্রী পর্যাপ্ত পৰিমাণে মজুত আছে আৰু প্রকৃত গ্রাহকৰ চাহিদা কার্যকৰীভাৱে পূৰণ কৰিবলৈ নিৰন্তৰভাৱে মজুত ৰখা হৈছে৷ ঘৰুৱা গ্রাহকলৈ এলপিজিৰ যোগানো স্বাভাৱিকভাৱে বজাই ৰখা হৈছে আৰু ৰাজ্যখনত চিলিণ্ডাৰৰ যোগান সুচাৰুৰূপে চলি আছে৷

মন কৰিবলগীয়া যে ঘৰুৱা ৰন্ধন গেছৰ যোগান যোৱা সময়ছোৱাত হ্রাস পোৱাৰ লগতে বাণিজ্যিক চিলিণ্ডাৰৰ যোগানো ক্রমাৎ নাইকিয়া হৈ পৰাৰ ফলত হাহাকাৰ সৃষ্টি হৈছে হোটেল, ৰেষ্টুৰেণ্টৰ ব্যৱসায়ত৷ আনকি গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ কেইবাখনো চহৰত ক্ষুদ্র ক্ষুদ্র হোটেল–ৰেস্তোৰাঁৰ ব্যৱসায় চলাই থকা ব্যৱসায়ীয়ে দোকান বন্ধ কৰিবলৈ বাধ্য হৈছে৷ ইফালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ যোগান সময়মতে নোপোৱাত গ্রাহকৰ মাজত হাহাকাৰ সৃষ্টি হৈছে৷

এটা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ যোগানৰ পৰৱর্তী চিলিণ্ডাৰটো পাবলৈ ৩৫–৪০ দিনলৈ অপেক্ষা কৰিবলগীয়া হৈছে উপভোক্তাই৷ পূর্বে চিলিণ্ডাৰ বুক কৰাৰ সময়ত এসপ্তাহৰ ভিতৰত যোগান ধৰা হৈছিল যদিও শেহতীয়াকৈ বুকিং নম্বৰ লৈ গেছ এজেঞ্চীত উপভোক্তাই ভিৰ কৰিবলগীয়া হৈছে৷

ৰাজ্যৰ বিভিন্ন প্রান্তত এতিয়া ৰন্ধন গেছৰ চিলিণ্ডাৰৰ বাবে দীঘলীয়া শাৰীও পৰিলক্ষিত হৈছে৷ এনে পৰিস্থিতিৰ মাজতে একাংশ লোকে ক’লা বজাৰত একোটা ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ ২,৫০০–৩,০০০ টকাত বিক্রীৰো অভিযোগ উত্থাপিত হৈছে৷

গুৱাহাটীত অধ্যয়নৰত ছাত্র–ছাত্রীসকলে নিয়মিত যোগানৰ অভাৱত ক’লা বজাৰৰ পৰা এনেদৰে অধিক মূল্যত চিলিণ্ডাৰ ক্রয় কৰা পৰিস্থিতিৰ সৃষ্টি হোৱা বুলিও বিভিন্ন পক্ষই অভিযোগ তুলিছে৷ ৰন্ধন গেছৰ এনে সংকটময় পৰিস্থিতিৰ বিপৰীতে কিন্তু আই’চিএলে ৰন্ধন গেছৰ যোগান স্বাভাৱিক আৰু নিৰন্তৰ গতিত চলি থকাৰ কথা উল্লেখ কৰিছে৷

এক বিবৃতিযোগে আই’চিএলে উল্লেখ কৰিছে যে এলপিজি বটলিং প্রকল্প আৰু খুচুৰা দোকানসমূহক লৈ গঠিত ইয়াৰ বিস্তৃত যোগান নেটৱর্কৰ জৰিয়তে ইন্ধনৰ নিয়মীয়া যোগান নিশ্চিত কৰিবলৈ সকলো পক্ষ সাজু হৈ আছে৷ সকলো দোকান তথা গেছ এজেঞ্চীৰ গেছ বিতৰণৰ কাম সুচাৰুৰূপে চলি আছে৷

আইঅ’চিএলে সাধাৰণ নাগৰিকক অপ্রয়োজনীয়ভাৱে আতংকিত নহ’বলৈ আহ্বান জনোৱাৰ লগতে ইন্ধনৰ নিৰৱচ্ছিন্ন উপলব্ধতা নিশ্চিত কৰিবলৈ ল’জিষ্টিক, মজুত সৰবৰাহ আৰু খুচুৰা কার্যকলাপৰ বিষয়ত তেল উদ্যোগে ঘনিষ্ঠ সমন্বয় বজাই ৰাখিছে৷ জনসাধাৰণে কেৱল ইন্ধন উপলব্ধতা সম্পর্কীয় প্রামাণিক আৰু প্রমাণিত তথ্যৰ বাবে তেল কোম্পানীসমূহে জাৰি কৰা চৰকাৰী যোগাযোগৰ ওপৰত নির্ভৰ কৰিবলৈ আহ্বান জনাইছে আইঅ’চিএলে৷

ডিজিটেল ডেস্ক, ১৯ মে’

You might also like