বহি:ৰাজ্যত কামৰ সন্ধানত গৈ নিৰুদ্দেশ বকতাৰ পঞ্চাশোৰ্ধ্বৰ ব্যক্তি
বহি:ৰাজ্যলৈ কামৰ সন্ধানত গৈ নিৰুদ্দেশ বকতা শলমাৰী গাঁৱৰ পঞ্চাশ উৰ্ধৰ ব্যক্তি। মৰাণৰ পৰা ৰেলযোগে কেৰেলালৈ ৰাওনা হোৱাৰ পথত ওড়িষ্যাৰ কটক ষ্টেচনত নামি সন্ধানহীন হয় হীৰেন ফুকন নামৰ ব্যক্তিজন।
পুত্ৰ আদিত্য ফুকনৰ লগতে গাঁৱৰ ৫-৬ জনীয়া দলৰ সৈতে কেৰেলালৈ গৈছিল হীৰেন ফুকন। পুত্ৰসহ আন কেউজন ব্যক্তি কেৰেলাত উপস্থিত হয়গৈ যদিও শুংসূত্ৰ নাই হীৰেন ফুকনৰ। পুত্ৰৰ যোগেদি এই খবৰ লাভ কৰি ঘৰত দিগবিদিক হেৰুৱাই পেলাইছে হীৰেন ফুকনৰ পত্নী।পৰিয়ালৰ আৰ্থিক দৈন্যতাৰ বাবে বহি:ৰাজ্যত কাম কৰিবলৈ যোৱা পিতা-পুত্ৰৰ মাজৰ পৰা পিতৃক লৈ অনিশ্চয়তাত ভুগিছে পূত্ৰ আৰু মাতৃ।
ইফালে সন্ধানহীন হীৰেন ফুকনৰ চুবুৰীয়া বলেন ভূমিজ নামৰ এজন ব্যক্তিও বহিৰাজ্যত কাম কৰিবলৈ গৈ দুবছৰ পূৰ্বে নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে। এনেদৰে ধাৰাবাহিকভাৱে বহিৰাজ্যত অসমৰ ব্যক্তিয়ে সন্ধানহীন আৰু দুভাগ্যজনকভাৱে প্ৰাণ হেৰুৱাবলগীয়া হোৱা ঘটনাৰাজি ৰাজ্যবাসীৰ বাবে উদ্বেগৰ বিষয় হৈ পৰিছে।।
ডিজিটেল ডেস্ক, ২০ মে’