মন্ত্রীসভাৰ সম্প্রসাৰণক লৈ চলি থকা চর্চাৰ মাজতে দিল্লী ভ্রমণৰত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাহ দলৰ ৰাষ্ট্রীয় সভাপতি নীতিন নবীন আৰু দলৰ সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষক সাক্ষাৎ কৰে৷ দ্বিতীয়বাৰৰ বাবে পূর্ণাংগ মন্ত্রীসভা গঠনৰ পূর্বে মুখ্যমন্ত্রী ড০ শর্মাই দুয়োগৰাকী ৰাষ্ট্রীয় নেতাৰ পৰা পৰামর্শ বিচৰা বুলি জানিব পৰা গৈছে৷
উল্লেখ্য যে বিজেপিশাসিত ৰাজ্যসমূহত মন্ত্রীসভা গঠনৰ ক্ষেত্রত জ্যেষ্ঠ তথা সাংগঠনিক দক্ষ নেতা হিচাপে পৰিচিত বি এল সন্তোষৰ ভূমিকা যথেষ্ট গুৰুত্বপূর্ণ৷ জানিব পৰা মতে, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ পৰামর্শমর্মেহ মুখ্যমন্ত্রী ড০ শর্মাই বি এল সন্তোষৰ দিল্লীস্থিত বাসভৱনত আলোচনাত মিলিত হয়৷
আনহাতে নিশালৈ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহকো সাক্ষাৎ কৰি মন্ত্রীসভা সম্প্রসাৰণ সন্দর্ভত বিস্তৃত আলোচনা কৰে৷ মুখ্যমন্ত্রীয়ে লৰ ৰাষ্ট্রীয় মুখ্য কার্যালয়ত দলৰ ৰাষ্ট্রীয় সভাপতি নীতিন নবীনক সাক্ষাৎ কৰি তেওঁৰ সৈতে মন্ত্রীসভাৰ সম্প্রসাৰণৰ বাবে গ্রহণ কৰা সমীকৰণ সম্পর্কত বিতং আলোচনাত মিলিত হয়৷
পাছত সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রীয়ে নবীনৰ সৈতে হোৱা আলোচনা সন্দর্ভত জনায় যে নির্বাচনত বিজেপিয়ে প্রকাশ কৰা সংকল্প–পত্রৰ প্রতিশ্রুতিসমূহ ৰূপায়ণৰ ৰূপৰেখাৰ সম্পর্কত তেওঁৰ নিজৰ মতামত দাঙি ধৰাৰ উপৰি অন্যান্য বিভিন্ন গুৰুত্বপূর্ণ বিষয় সন্দর্ভত আলোচনা কৰে৷
নির্বাচনত ৰাষ্ট্রীয় সভাপতিজনে প্রদান কৰা মার্গদর্শনৰ বাবে মুখ্যমন্ত্রীয়ে নীতিন নবীনৰ ওচৰত কৃতজ্ঞতাও স্বীকাৰ কৰে৷ উল্লেখ্য যে দলৰ ৰাষ্ট্রীয় সভাপতিক সাক্ষাৎ কৰাৰ পাছত দলৰ মুখ্য কার্যালয়ত মুখ্যমন্ত্রীয়ে ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দুষ্যন্ত কুমাৰ গৌতমৰ সৈতেও সৌজন্যতামূলক বিনিময় কৰে৷
কেন্দ্রীয় নেতৃত্বৰ সৈতে হোৱা এই আলোচনাৰ পাছতে স্বাভাৱিকতে প্রশ্ন উত্থাপন হৈছে ১৯জনীয়া মন্ত্রীসভাত কোনে কোনে পাব মন্ত্রিত্ব? চর্চা অনুসৰি ৰাজ্যৰ প্রতিটো জাতি–জনগোষ্ঠীৰ প্রতিনিধিৰ অন্তর্ভুক্তিৰে নিজৰ দ্বিতীয়খন মন্ত্রীসভা গঠনৰ বাবে সাজু হৈছে মুখ্যমন্ত্রী৷
এইক্ষেত্রত দেখা দিয়া সমস্যাটো হ’ল এইবাৰ বিজেপিৰ ৮২জন বিধায়ক নির্বাচনত জয়ী হৈছে৷ ইতিমধ্যে ১২ মে’ত শপত লোৱা মন্ত্রীসকলৰ ভিতৰত অতুল বৰা আৰু অজন্তা নেওগ চুতীয়া জনগোষ্ঠীৰ হোৱাৰ লগতে চাহ জনগোষ্ঠীৰ প্রতিনিধি হিচাপে মন্ত্রীসভাত অন্তর্ভুক্ত হৈছে ৰামেশ্বৰ তেলী৷
আনহাতে বড়ো জনজাতিৰ প্রতিনিধি হিচাপে মন্ত্রীসভাত অন্তর্ভুক্ত হৈছে চৰণ বড়ো৷ সম্প্রসাৰণ হ’বলগা মন্ত্রীসভাত এতিয়া আন জাতি–জনগোষ্ঠীৰ লগতে পাহাৰ তথা বৰাক উপত্যকাৰ পৰা কোন কোন বিধায়ক অন্তর্ভুক্ত হ’ব সেয়া সম্পূর্ণৰূপে নির্ভৰ কৰিব মুখ্যমন্ত্রী ড০ শর্মাৰ ইচ্ছাৰ ওপৰত৷
অৱশ্যে মুখ্যমন্ত্রীয়ে দিল্লীৰ ৰাষ্ট্রীয় নেতৃত্বৰ ওচৰত মন্ত্রীসভাত কোন কোন অন্তর্ভুক্ত হ’ব লাগে সেই সন্দর্ভত নিশ্চয়কৈ প্রস্তাৱ দাঙি ধৰিছে৷ ৰাষ্ট্রীয় সভাপতি নীতিন নবীন আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ সৈতে হোৱা আলোচনাত কোন বিধায়ক মন্ত্রীসভাত অন্তর্ভুক্ত হ’ব, কোন কোন বাদ পৰিব, সেই সন্দর্ভতো আলোচনা হোৱা বুলি জানিব পৰা গৈছে৷
মন্ত্রীসভাক লৈ দিল্লীত চলি থকা এনে বৈঠকৰ মাজতে বিপিএফৰ বিধায়ক মহেশ্বৰ বড়োৱে মুখ্যমন্ত্রী ড০ শর্মাৰ মন্ত্রীসভাত বিপিএফৰ পৰা অতি কমেও দুজনে মন্ত্রিত্ব পাব লাগে বুলি দাবী তুলিছে৷
উল্লেখ্য যে মন্ত্রীসভাৰ সম্প্রসাৰণক লৈ পূর্বে মুখ্যমন্ত্রীয়ে ঘোষণা কৰিছিল যে কেন্দ্রীয় নেতৃত্বৰ সৈতে আলোচনাৰ পাছত জুনৰ আৰম্ভণিতে মন্ত্রীসভাৰ সম্প্রসাৰণ ঘটোৱা হ’ব৷ সেয়েহে ২১ মে’ৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’বলগা বিধানসভা অধিৱেশনৰ বাবে সংসদীয় পৰিক্রমা দপ্তৰৰ দায়িত্ব মন্ত্রী অতুল বৰাৰ হাততে অর্পণ কৰি থৈছে৷
বিধানসভা অধিৱেশনৰ পাছতহে মন্ত্রীসভাৰ সম্প্রসাৰণ কৰাৰ সম্ভাৱনা আছে৷ অৱশ্যে এইক্ষেত্রত মুখ্যমন্ত্রীয়ে সমগ্র বিষয়টো কিধৰণে আগবঢ়াই নিয়ে সেয়া যথেষ্ট লক্ষণীয় হ’ব৷
ডিজিটেল ডেস্ক, ১২ মে’