দেশৰ নিৰাপত্তাত দিল্লীৰ মাষ্টাৰষ্ট্র’ক : চিকেন নেকৰ দায়িত্বত কেন্দ্ৰ
ভাৰতৰ ৰাষ্ট্রীয় নিৰাপত্তাৰ ক্ষেত্রত এক অভূতপূর্ব আৰু সুদূৰপ্রসাৰী সিদ্ধান্ত গ্রহণ কৰিছে পশ্চিমবংগ চৰকাৰে৷ উত্তৰ–পূর্বাঞ্চলক সমগ্র দেশৰ সৈতে সংযোগ কৰা আটাইতকৈ স্পর্শকাতৰ অঞ্চল চিকেন নেক বা শিলিগুৰি কৰিড’ৰ আৰু বাংলাদেশ সীমান্তৰ সুৰক্ষা অধিক কটকটীয়া কৰাৰ স্বার্থত নৱগঠিত ৰাজ্য চৰকাৰখনে কেন্দ্রীয় গৃহ মন্ত্রালয় তথা সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ)ক ভূমি হস্তান্তৰ কৰাৰ সিদ্ধান্ত লৈছে৷
নৱগঠিত কেবিনেটৰ প্রথমখন বৈঠকত মুখ্যমন্ত্রী শুভেন্দু অধিকাৰীৰ নেতৃত্বত অহা ৪৫ দিনৰ ভিতৰত প্রায় ৬০০ একৰ ভূমি বিএছএফক প্রদান কৰাৰ নির্দেশ দিয়া হৈছে, যাতে বছৰ বছৰ ধৰি আধৰুৱা হৈ থকা সীমান্তৰ কাঁটাতাঁৰৰ বেৰৰ কাম যুদ্ধকালীন তৎপৰতাৰে সম্পূর্ণ কৰিব পৰা যায়৷
এই ৬০০ একৰ ভূমিতে চিকেন নেক সংলগ্ন কৌশলগতভাৱে গুৰুত্বপূর্ণ ১২১ একৰ ভূমিও আছে৷ ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ পিছতে এতিয়াৰ পৰা চিকেন নেকৰ দায়িত্ব থাকিব কেন্দ্রীয় চৰকাৰৰ হাতত৷
ইতিমধ্যে ভূমি হস্তান্তৰ প্রক্রিয়া আৰম্ভ হৈছে৷ ৰাজনৈতিক মহলে পশ্চিমবংগ চৰকাৰৰ এই পদক্ষেপক দেশৰ নিৰাপত্তাৰ বাবে এক মাষ্টাৰষ্ট্র’ক বুলি অভিহিত কৰিছে৷ কেৱল ভূমিয়েই নহয় পশ্চিমবংগৰ আঠটা ঘাইপথো কেন্দ্রীয় চৰকাৰৰ দায়িত্বত অর্পণ কৰিছে বংগ চৰকাৰে৷
চিকেন নেকক নেপাল, ভূটান, বাংলাদেশ আৰু চীনে আগুৰি আছে৷ ভৌগোলিক অৱস্থানৰ পৰাও এই অঞ্চলটো এতিয়া স্পর্শকাতৰ৷ চোৰাংচোৱাৰ সূত্র মতে, ভাৰতক দুর্বল কৰাৰ বাবে শিলিগুৰি কৰিড’ৰত বিভিন্ন উগ্রপন্থী সংগঠনে দৃষ্টি নিক্ষেপ কৰিছে৷
তিনিখন দেশৰ সীমান্তত স্পর্শকাতৰ এই পথেৰে উগ্রপন্থীয়ে ভাৰতলৈ অস্ত্র–শস্ত্রসহ ড্রাগ্ছ আৰু জালনোট সৰবৰাহৰ কূটকৌশল ৰচনা কৰে৷ কেৱল ইমানেই নহয়, চীন আৰু বাংলাদেশে দীর্ঘদিনৰ পৰা চিকেন নেকৰ প্রতি দৃষ্টি দি আহিছে৷ এই অঞ্চলটো ভাৰতৰ অনুপ্রৱেশকাৰীৰ সমস্যাৰ বাবেও ডাঙৰ প্রত্যাহ্বান৷
ফলত অঞ্চলটোৰ জনগাঁথনি ক্রমান্বয়ে সলনি হৈ আহিছে৷ এনে পৰিস্থিতিত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বংগৰ নির্বাচনী প্রচাৰৰ সময়ত চিনেক নেকৰ সুৰক্ষাক লৈ উদ্বেগ প্রকাশ কৰা পৰিলক্ষিত হৈছিল৷ তেওঁ বিজেপিয়ে চৰকাৰ গঠন কৰিলে চিকেন নেককে ধৰি পশ্চিমবংগৰ উন্মুক্ত সীমান্ত সন্দর্ভত কঠোৰ পদক্ষেপ গ্রহণৰ প্রতিশ্রুতি দিছিল৷
শেহতীয়া গোলকীয় ৰাজনীতি আৰু চুবুৰীয়া দেশসমূহৰ অস্থিৰ পৰিস্থিতিয়ে নতুন দিল্লীৰ নিৰাপত্তা সংস্থাসমূহক চিন্তিত কৰি আহিছে৷ বিশেষকৈ ডোকলাম বিবাদৰ পিছৰে পৰা চীনে শিলিগুৰি কৰিড’ৰৰ নিচেই সমীপৰ চৌমি উপত্যকাত দেশখনৰ সামৰিক আন্তঃগাঁথনি গঢ়ি তুলিছে৷ যুদ্ধৰ দৰে পৰিস্থিতিৰ উদ্ভৱ হ’লে চীনে মাত্র ২২ কিলোমিটাৰজোৰা এই চিকেন নেক বন্ধ কৰি উত্তৰ–পূর্বাঞ্চলক ভাৰতৰ মূল ভূ–খণ্ডৰ পৰা বিচ্ছিন্ন কৰাৰ ষড়য়ন্ত্র ৰচনা কৰি আহিছে৷
তদুপৰি বাংলাদেশত সলনি হোৱা ৰাজনৈতিক প্রেক্ষাপটৰ সুযোগ লৈ দেশখনত সক্রিয় ইছলামিক কট্টৰপন্থী আৰু পাক চোৰাংচোৱা সংস্থা আইএছআয়ে সীমান্ত ব্যৱহাৰ কৰি ভাৰতবিৰোধী কার্যকলাপ সংঘটিত কৰাৰ আশংকা ঘনীভূত হৈছে৷
বিগত তৃণমূল চৰকাৰৰ দিনত ভূমি হস্তান্তৰ প্রক্রিয়া হোৱাত বিলম্বতাৰ বাবে অঞ্চলটোৰ কেইবাশ কিলোমিটাৰ সীমান্ত উন্মুক্ত হৈ আছিল৷ যাৰ সুযোগ লৈ চোৰাং সৰবৰাহ আৰু অবৈধ অনুপ্রৱেশ অবাধে চলিছিল৷ ৰাজ্য চৰকাৰৰ এই সেউজ সংকেতৰ পিছত এতিয়াৰ পৰা কেন্দ্রীয় নিৰাপত্তা বাহিনীয়ে ডোকলাম ত্রিদেশীয় সীমান্তৰ পৰা আৰম্ভ কৰি বাংলাদেশ সীমান্তলৈকে এক অভেদ্য দুর্গ গঢ়ি তুলিবলৈ সক্ষম হ’ব৷
ইয়াৰ দ্বাৰা কেৱল পশ্চিমবংগই নহয়, বৰঞ্চ অসমসহ সমগ্র উত্তৰ–পূর্বাঞ্চলৰ নিৰাপত্তা সুনিশ্চিত হ’ব৷ প্রতিৰক্ষা বিশেষজ্ঞসকলৰ মতে, ৰাজ্য আৰু কেন্দ্রীয় চৰকাৰৰ এই যৌথ সমন্বয় চুবুৰীয়া শত্রু ৰাষ্ট্রসমূহৰ বাবে এক কঠোৰ বার্তা৷
ডিজিটেল ডেস্ক, ২০ মে’