নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিংসাৰ পথ এৰি বাছি ল’লে ‘নৱজীৱন’, ঝাৰখণ্ডত ২৫ মাওবাদীৰ আত্মসমৰ্পণ

ডিজিটেল ডেস্ক, ২১ মে’ : দেশক মাওবাদমুক্ত কৰাৰ কঠিন সংকল্প লৈছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। সেই অনুসৰি ৩১ মাৰ্চ, ২০২৬ তাৰিখক ডেডলাইন হিচাপে নিৰ্ধাৰণ কৰা হৈছিল। সেই লক্ষ্য পূৰণত কেন্দ্ৰ প্ৰায় ৯৯ শতাংশ সফল হৈছে বুলিও ধৰা হৈছে। এফালে মাওবাদী অধ্যুষিত অঞ্চলসমূহত যৌথ বাহিনীৰ অভিযান, আনফালে চৰকাৰৰ পুনৰ্বাসন পেকেজৰ আহ্বানলৈ সঁহাৰি জনাই এটাৰ পিছত এটাকৈ মাওবাদী নেতা-নেত্ৰীৰ আত্মসমৰ্পণ।

ইয়াৰ পিছতো দেশৰ দুই ৰাজ্য ছট্টিশগড় আৰু ঝাৰখণ্ডৰ কিছুমান অৰণ্য অঞ্চলত এতিয়াও মাওবাদী সক্ৰিয় হৈ আছে। ইয়াৰ মাজতে ঝাৰখণ্ড চৰকাৰৰ নিজা পুনৰ্বাসন পেকেজ ‘অপাৰেচন নৱজীৱন’-ৰ আহ্বানলৈ সঁহাৰি জনাই ২৫গৰাকী সশস্ত্ৰ মাওবাদী নেতা-নেত্ৰীয়ে আত্মসমৰ্পণ কৰিছে। তেওঁলোক সকলোৱে সাৰাণ্ডা জংঘলত নিজৰ কাৰ্যকলাপ চলাই আছিল। ইয়াৰ উপৰি ঝাড়খণ্ডৰ আন এটা বিচ্ছিন্নতাবাদী সংগঠন ঝাড়খণ্ড জনমুক্তি পৰিষদৰো ২জন সদস্যই আত্মসমৰ্পণ কৰিছে। তেওঁলোকৰ পৰা বিপুল পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ কৰিছে যৌথ বাহিনীয়ে।

সূত্ৰ অনুসৰি, আত্মসমৰ্পণ কৰা ২৫গৰাকী মাওবাদী নেতা-নেত্ৰীৰ ভিতৰত অন্ততঃ ৫জনৰ মূৰত ৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছিল। ইয়াৰ ভিতৰত বিশেষভাৱে উল্লেখযোগ্য ৰাঁচীৰ বাসিন্দা মাওবাদী নেত্ৰী ৰেখা মুন্ডা ওৰফে জয়ন্তী। সাৰাণ্ডা জংঘলত তেওঁ এসময়ত দুঃসাহসিক অভিযান চলাইছিল। আন চাৰিজনৰ নাম হ’ল— গাদী মুন্ডা ওৰফে গুলশন, নগেন্দ্ৰ মুন্ডা ওৰফে প্ৰভাত, সাগেন আঙাৰিয়া আৰু সুলেমান হাসদা ওৰফে সুনি।

তেওঁলোকৰ পৰা মুঠ ১৬বিধ অস্ত্ৰ উদ্ধাৰ হৈছে। ইয়াৰ ভিতৰত ইনছাছ ৰাইফল, দেশীয় পিষ্টল আৰু প্ৰায় ২৮০০ ৰাউণ্ড কাৰ্টুজ আছে। ইয়াৰ উপৰি ৱাকিটকিও উদ্ধাৰ কৰা হৈছে।

আনহাতে, ঝাড়খণ্ড জনমুক্তি পৰিষদৰ আত্মসমৰ্পণ কৰা ২ সদস্যৰ নাম শচীন বেগ ওৰফে ইউজিন আৰু শ্ৰৱণ গোপ। তেওঁলোক ঝাড়খণ্ডৰ গুমলাৰ বাসিন্দা। তেওঁলোকৰ পৰা চাৰিখন মেগাজিন আৰু ১৩০ ৰাউণ্ড গুলী জব্দ কৰা হৈছে।

You might also like