আজি অৰ্থাৎ ২১ মে’ৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে ষষ্ঠদশ অসম বিধানসভাৰ অধিৱেশন। এই অধিৱেশন ২১ মে’ৰ পৰা ২৬ মে’লৈকে চলিব। প্ৰথম দিনৰ কাৰ্যসূচীত প্ৰ’টেম অধ্যক্ষ হিচাপে বিধানসভাৰ অধ্যক্ষৰ আসনত বহি প্ৰাৰম্ভিক কাৰ্যসূচী পৰিচালনা কৰে জ্যেষ্ঠ বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীয়ে।
‘বন্দে মাতৰম’ ৰাষ্ট্ৰীয় সংগীতেৰে আৰম্ভ হোৱা আজিৰ অধিৱেশনত প্ৰথমে ১২৬জন বিধায়কৰ শপতগ্ৰহণ অনুষ্ঠিত হয়। প্ৰথমে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শপতগ্ৰহণ কৰাৰ পিছতে ৪গৰাকী কেবিনেট মন্ত্ৰীয়েও শপত লয়। ইয়াৰ পাছত বিজেপি, কংগ্ৰেছ, তৃণমূল আদি দলৰ বিধায়কসকলে শপতগ্ৰহণ সম্পন্ন কৰে।
ডিজিটেল ডেস্ক, ২১ মে’