নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্বহীদ স্মাৰক ক্ষেত্ৰত জাতীয় শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি নৱনিৰ্বাচিত অগপ বিধায়কৰ

নৱগঠিত ষষ্ঠদশ অসম বিধানসভালৈ নিৰ্বাচিত অসম গণ পৰিষদৰ বিধায়কসকল গুৱাহাটীৰ শ্বহীদ স্মাৰক ক্ষেত্ৰত উপস্থিত হয় আৰু ঐতিহাসিক অসম আন্দোলনৰ ৮৬০গৰাকী অমৰ শ্বহীদলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

এই দলত বিধায়ক ক্ৰমে অতুল বৰা, কেশৱ মহন্ত, পৃথ্বীৰাজ ৰাভা, ড° তপন দাস, ধৰ্মেশ্বৰ ৰয়, বিকাশ শইকীয়া, দীপক কুমাৰ দাস, জীৱেশ ৰায়, প্ৰকাশ চন্দ্ৰ দাস  উপস্থিত থাকে।

উল্লেখ্য যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চুক্তিৰ দফাসমূহৰ সঠিক আৰু ফলপ্ৰসূ ৰূপায়ণৰ বাবে অসম চৰকাৰ সম্পূৰ্ণ দায়বদ্ধ হৈ আছে। মিত্ৰজোঁটৰ চৰকাৰে ৰাজ্যখনৰ খিলঞ্জীয়া জনগণৰ স্বাৰ্থ, পৰিচয়, অধিকাৰ আৰু ভৱিষ্যৎ সুৰক্ষিত কৰাৰ বাবে অহৰহ কাম কৰি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ শ্বহীদ স্মাৰক ক্ষেত্ৰত ইতিপূৰ্বে উপস্থিত হৈ অসম আন্দোলনৰ অমৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই অসম আন্দোলনৰ গুৰুত্ব আৰু মহত্ত্বক ৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰিছে।

বিগত বছৰৰ শ্বহীদ দিৱস উপলক্ষে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই স্মৃতিসৌধৰ শুভ উদ্বোধন কৰিছিল।

ডিজিটেল ডেস্ক, ২১ মে’

You might also like