বি এইচ বি মহাবিদ্যালয়ত গ্ৰন্থ উন্মোচন
আজি বি এইচ বি মহাবিদ্যালয়ত “Human Rights in position of Immigrant Muslims in Assam” শীৰ্ষক এখন গ্ৰন্থৰ উন্মোচনী অনুষ্ঠান সম্পন্ন হৈ যায়।গ্ৰন্থখনৰ লেখকদ্বয় ক্ৰমে মাধৱ চৌধুৰী মহাবিদ্যাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ডঃ অৱনী কুমাৰ দাস আৰু বি এইচ বি মহাবিদ্যালয়ৰ উপাধ্যক্ষ তথা ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ডঃ দিপ্তী কলিতা।
চন্দ্ৰ প্ৰকাশ, গুৱাহাটীৰ পৰা প্ৰকাশিত গ্ৰন্থখনৰ উন্মোচনী সভাখনত বন্তি প্ৰজ্বলক হিচাপে উপস্থিত থাকে বি এইচ বি মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ তথা অসমীয়া বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক লেখিকা,ডঃ অমিয়া মহন্ত।গ্ৰন্থখনৰ সহঃ লেখিকা ডঃ দিপ্তী কলিতাই আঁত ধৰা অনুষ্ঠানটোত উন্মোচক হিচাপে উপস্থিত থাকে বি এইচ বি মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ নয়নজ্যোতি দাস।
তেওঁ মানৱীয় অধিকাৰ,অসমৰ ভাষা-সংস্কৃতি, সমন্বয়, আৰ্থ-সামাজিক, সাংস্কৃতিক আদি বিভিন্ন দিশত প্ৰব্ৰজনৰ ইতিবাচক আৰু নেতিবাচক দিশ সম্পৰ্কে আলোকপাত কৰি দুয়োজন গ্ৰন্থকাৰক এনে প্ৰাসংগিক বিষয় সম্পৰ্কীয় গ্ৰন্থ ৰচনা কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে।বন্তি প্ৰজ্বলক ডঃ অমিয়া মহন্তয়ো ভাষিক ক্ষেত্ৰত অসমত বসবাস কৰা প্ৰতিজন মানুহৰ ভাষাটোৰ প্ৰতি দায়িত্ব আৰু কৰণীয় সম্পৰ্কে অৱগত কৰে।
লেখক ডঃ অৱনী কুমাৰ দাসেও গ্ৰন্থখন ৰচনাৰ আঁৰৰ বিভিন্ন অভিজ্ঞতা, প্ৰাথমিক উৎস, ক্ষেত্ৰ অধ্যয়ন ইত্যাদি সম্পৰ্কে বিস্তৃতৰূপত আলোকপাত কৰি ৰৈ যোৱা সীমাবদ্ধতাবোৰ পাঠকৰ সমালোচনাৰ মেজলৈ এৰি দিয়ে।
আনগৰাকী লেখক ডঃ দীপ্তি কলিতায়ো গ্ৰন্থখনত অন্তৰ্ভূক্ত স্বাস্থ্য, বিবাহ, প্ৰব্ৰজনৰ ইতিহাস ইত্যাদি চমুকৈ আলোকপাত কৰে। মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সমন্বয়ক ডঃ দিপুল তালুকদাৰে এনে ধৰণৰ গ্ৰন্থই সমাজক কিদৰে প্ৰভাৱান্বিত কৰি উত্তৰ প্ৰজন্মক অনুপ্ৰেৰণা যোগাব পাৰে সেয়া ব্যক্ত কৰে।
অধ্যাপকসকলৰ মাজৰ পৰা অসমীয়া বিভাগৰ অধ্যাপক ডঃ প্ৰীতিৰেখা দত্তই প্ৰব্ৰজনৰ ইতিহাসৰ লগতে অসম আৰু অসমীয়াত্বৰ ধাৰণা দাঙি ধৰি যিকোনোধৰণৰ গঠনাত্মক আৰু বৌদ্ধিক সমালোচনাই গ্ৰন্থ এখনৰ উন্মোচন সাৰ্থক কৰি তোলে বুলি মন্তব্য কৰে।
মহাবিদ্যালয়ৰ সকলো অধ্যাপক অধ্যাপিকা,ৰাজনীতি বিজ্ঞান বিভাগৰ যথেষ্ট সংখ্যক ছাত্ৰ-ছাত্ৰী আৰু মহাবিদ্যালয়ৰ অনা শিক্ষক কৰ্মচাৰীসকলৰ সক্ৰিয় অংশগ্ৰহণেৰে জীপাল হৈ উঠা অনুষ্ঠানটি ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপিকা শিল্পাশ্ৰী দাসৰ শলাগৰ শৰাইৰে সামৰণি পৰে।
নিয়মীয়া বাৰ্তা, সৰুপেটা, ২১ মে’