ধুবুৰীত জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ আৰু বজাৰ স্থিতিশীলতা বজাই ৰখাৰ উদ্দেশ্যেৰে ধুবুৰী জিলাৰ জিলা আয়ুক্ত মেঘা নিধি দাহালে আজি স্থানীয় ব্যৱসায়ী মহল আৰু বিভিন্ন অংশীদাৰৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত অংশ লয়।
ধুবুৰীস্থ জিলা আয়ুক্ত কাৰ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সেই বৈঠকখনত চেম্বাৰ অৱ কমাৰ্চ, পাইকাৰী আৰু খুচুৰা ব্যৱসায়ী সন্থা, চাউল-ঘেঁহু মিলাৰ্ছ এছ’চিয়েচন তথা বজাৰৰ সৈতে জড়িত বিভিন্ন পক্ষ উপস্থিত থাকে।
বৈঠকখনত অত্যাৱশ্যকীয় সামগ্ৰীৰ কৃত্ৰিম সংকট সৃষ্টি, মজুতদাৰী অথবা ক’লা বজাৰৰ দৰে কাৰ্যকলাপ কেতিয়াও সহ্য কৰা নহ’ব বুলি আজিৰ সেই বৈঠকখনত জিলা আয়ুক্ত দাহালে স্পষ্ট কৰি দিয়াৰ সমান্তৰালকৈ এনে অভিযোগ প্ৰমাণিত হ’লে আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও তেওঁ সতৰ্ক কৰি দিয়ে।
উল্লেখ্য যে, ৰাজ্য চৰকাৰে শেহতীয়াকৈ সমগ্ৰ অসমত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰিবলৈ জিলা পৰ্যায়ত কঠোৰ নিৰীক্ষণ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে।
নিয়মীয়া বাৰ্তা, ধুবুৰী, ২১ মে’