নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইৰান সংঘর্ষক লৈ ট্রাম্প–নেতান্যেহুৰ মতবিৰোধ

ডিজিটেল ডেস্ক, ২২ মে’ : ইৰান যুদ্ধৰ ক্ষেত্রত পৰৱর্তী পদক্ষেপ কি হ’ব, তাকে লৈ এইবাৰ মতবিৰোধে দেখা দিলে দুই বন্ধুৰ মাজত৷ আমেৰিকাই যি পথেৰে আগবাঢ়িছে সেয়া পছন্দৰ নহয় ইজৰাইলৰ প্রধানমন্ত্রী বেঞ্জামিন নেতান্যেহুৰ৷ নেতান্যেহুৱে যি বিচাৰিছে সেই ৰাস্তাৰে যাবলৈ অনিচ্ছুক মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প৷ তাকে লৈ দুয়োগৰাকী ৰাষ্ট্র নেতাৰ মাজত এলানি উত্তপ্ত ফোনালাপো হয় বুলি মার্কিন সংবাদ মাধ্যমত প্রকাশ৷

আমেৰিকাই বিচাৰিছে ইৰানৰ সৈতে কূটনৈতিক আলোচনাৰ পথ মুকলি ৰাখিবলৈ৷ কিন্তু তাত সন্মতি নাই নেতান্যেহুৰ৷ ইয়াকে লৈ সামান্য অসন্তুষ্টিও ইজৰাইলৰ প্রধানমন্ত্রীগৰাকীৰ৷ তেওঁ বিচাৰিছে পুনৰ ইৰানত আক্রমণ আৰম্ভ কৰক আমেৰিকাই৷

মার্কিন সংবাদ মাধ্যমৰ দাবী অনুসৰি যোৱা মঙলবাৰে ইৰানত নতুনকৈ আক্রমণৰ সম্ভাৱনাক লৈ আলোচনা চলিছিল৷ কিন্তু তাৰ পূর্বে সোমবাৰে হঠাৎ তেওঁ ঘোষণা কৰে যে সেই যুদ্ধ আপাততঃ স্থগিত ৰখা হৈছে৷ পিছদিনা মঙলবাৰে ফোনত কথা হয় ট্রাম্প আৰু নেতান্যেহুৰ৷ দুই বন্ধুৰ প্রায় এঘণ্টাজোৰা ফোনালাপে এটা পর্যায়ত বেছ উত্তপ্ত হৈ পৰে বুলি বাতৰিত দাবী কৰা হৈছে৷

বিভিন্ন মার্কিন আৰু ইজৰাইলী সংবাদ মাধ্যমৰ সূত্রই দাবী কৰা মতে, ফোনত কথা পতাৰ সময়ত যথেষ্ট উত্তেজিত হৈ পৰিছিল নেতান্যেহু৷ উল্লেখযোগ্য যে ফেব্রুৱাৰীৰ শেষত আমেৰিকা আৰু ইজৰাইলে যুটীয়াভাৱে ইৰানত আক্রমণ চলোৱাৰ পিছৰে পৰা দুই বন্ধুৰ মাজত বিভিন্ন সময়ত ফোনত কথা–বতৰা হৈছিল৷ কিন্তু এইবাৰৰ ফোনালাপ উত্তেজনাপূর্ণ হৈ পৰে৷

You might also like